পত্নী হত্যাৰ গোচৰত আৰক্ষীৰ জিম্মাত থকা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা পৰি মৃত্যু হোৱা বুলি আৰক্ষীৰ ভাষ্য

গুৱাহাটী: পত্নী হত্যাৰ গোচৰত আৰক্ষীৰ জিম্মাত থকা ৰামানুজ গোস্বামীৰ মৃত্যুক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী আৰক্ষীয়ে। দেওবাৰে নিশা আৰক্ষীৰ সৈতে যাত্ৰাৰ সময়তে সংঘটিত ঘটনাৰ সবিশেষ আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰক্ষীৰ ভাষ্য অনুসৰি, ৰামানুজক লৈ যোৱা আৰক্ষীৰ বাহনখন প্ৰথমে পাংচাৰ হৈছিল। পৰৱৰ্তী সময়ত বাহনখন পুনৰ যাত্ৰা আৰম্ভ কৰে। নাৰ্ছিং কলেজৰ সমীপত ৰামানুজে আৰক্ষীৰ এগৰাকী কনিষ্টবলক আক্ৰমণ কৰি চলন্ত বাহনৰ পৰা জঁপিয়াই পৰে।

ইয়াৰ পিছত পথত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ৰামানুজে পুনৰ আৰক্ষীক গতিয়াই পাহাৰৰ ফাললৈ গৈ খাৱৈত জঁপিয়াই পৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

গুৱাহাটী আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্ত টাবুৰাম পেগুৱে জানিবলৈ দিয়া মতে, আৰক্ষীৰ আগত ৰামানুজে নিজকে শাৰীৰিকভাৱে অসুস্থ বুলি উল্লেখ কৰিছিল। সেইবাবে নিশা প্ৰায় ২ বজাত তেওঁক চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল।

আৰক্ষীৰ মতে, ৰামানুজৰ আক্ৰমণত এগৰাকী কনিষ্টবলো কিছু পৰিমাণে আহত হয়। ৰামানুজৰ মূৰত আঘাতৰ লগতে দেহৰ বিভিন্ন স্থানত আঘাতৰ চিন আছিল বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে ৰামানুজ গোস্বামীৰ সাতদিনীয়া আৰক্ষী জিম্মাৰ ম্যাদ উকলাৰ দিনাই এই ঘটনা সংঘটিত হয়। স্বাস্থ্য পৰীক্ষাৰ বাবে পুৱতিনিশা তেওঁক GMCHলৈ অনাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ মাজতে নৰকাসুৰ পাহাৰৰ পৰা পৰি তেওঁৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে গুৱাহাটীৰ বেলতলাস্থিত নিজা ফ্লেটত পত্নী ৰিয়াক হত্যাৰ অভিযোগত ৰামানুজ গোস্বামীক হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ তদন্তত হত্যাকাণ্ডটোৰ সৈতে জড়িত একাধিক চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহা বুলি জানিব পৰা গৈছে।

ৰামানুজ গোস্বামীৰ মৃত্যু সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *