জন্মদিনৰ দিনাই অসম কন্যা লাভলীনা বৰগোহাঁইয়ে লাভ কৰিলে কেৰিয়াৰৰ অন্যতম ডাঙৰ উপহাৰ। ২০২৬ৰ আইচি-নাগোয়া এছিয়ান গেমছত মহিলাৰ ৭৫ কেজি বক্সিং শাখাত স্বৰ্ণপদক জয় কৰি ইতিহাস ৰচিলে ভাৰতীয় বক্সাৰগৰাকীয়ে।

ফাইনেলত চীনৰ বাও ঝিয়িক ৫-০ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণপদক নিজৰ নামত কৰে লাভলীনাই। একমত সিদ্ধান্তত লাভলীনাৰ এই জয়। জন্মদিনৰ দিনাই লাভ কৰা এই স্বৰ্ণপদক তেওঁৰ বাবে হৈ পৰিল এক বিশেষ স্মৰণীয় সফলতা।

ফাইনেলৰ পূৰ্বে ছেমিফাইনেলত কাজাখস্তানৰ বিশ্ব চেম্পিয়ন নাতালিয়া বোগদানোভাক ৩-২ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল লাভলীনাই। ইয়াৰ পূৰ্বে কোৱাৰ্টাৰ ফাইনেলতো দক্ষিণ কোৰিয়াৰ ছিয়ং ছু-ইয়নক ৫-০ ব্যৱধানত পৰাস্ত কৰিছিল।

এই স্বৰ্ণজয়ৰ জৰিয়তে লাভলীনা বৰগোহাঁই এছিয়ান গেমছত বক্সিঙত স্বৰ্ণপদক জয় কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা বক্সাৰ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে ২০১৪ চনৰ এছিয়ান গেমছত মেৰী কমে এই কৃতিত্ব অৰ্জন কৰিছিল।

উল্লেখ্য যে, পূৰ্বৰ হাংঝৌ এছিয়ান গেমছত মহিলাৰ ৭৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰিছিল লাভলীনাই। এইবাৰ ৰূপৰ পদকৰ ৰং সলাই স্বৰ্ণলৈ উন্নীত কৰি নিজৰ এছিয়ান গেমছ যাত্ৰাত নতুন অধ্যায় সংযোজন কৰিলে অসম কন্যাগৰাকীয়ে।

লাভলীনাৰ এই ঐতিহাসিক সফলতাত অসম তথা সমগ্ৰ দেশতে আনন্দৰ বন্যা বৈছে। জন্মদিনৰ দিনাই স্বৰ্ণপদক জয় কৰি দেশবাসীক বিশেষ উপহাৰ দিয়া অসম কন্যাগৰাকীক বিভিন্ন মহলৰ পৰা জনোৱা হৈছে শুভেচ্ছা আৰু অভিনন্দন।

Leave a Reply

Your email address will not be published. Required fields are marked *