ৰিপাব্লিক অসম | মাজুলী, ১ ছেপ্টেম্বৰ:

মাজুলীৰ অফলামুখ ঘাটত সংঘটিত হৈছে এক অঘটন। চিকিৎসাৰ বাবে মাজুলীৰ পৰা এগৰাকী ৰোগীক ১০৮ নৌকা এম্বুলেন্সেৰে নিমাতী ঘাটলৈ প্ৰেৰণ কৰাৰ পিছত উভতি অহাৰ সময়তে সন্ধানহীন হৈ পৰে ১০৮ নৌকা এম্বুলেন্স সেৱাৰ এজন কৰ্মচাৰী।

সন্ধানহীন কৰ্মচাৰীজনক মাধৱ দাস বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ৰোগীগৰাকীক নিমাতী ঘাটত থৈ উভতি অহাৰ সময়তে অফলামুখ ঘাটত এই ঘটনা সংঘটিত হয়।

ঘটনাৰ খবৰ পোৱাৰ পিছতে SDRF বাহিনীয়ে সন্ধান অভিযান আৰম্ভ কৰে। নিশা প্ৰায় ১ বজালৈকে অভিযান চলোৱা হয় যদিও মাধৱ দাসৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল উদ্ধাৰকাৰী দল।

ইফালে, প্ৰতিকূল বতৰ আৰু নিশাৰ এন্ধাৰৰ বাবে সাময়িকভাৱে অভিযান স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত পুনৰ সন্ধান অভিযান আৰম্ভ কৰা হৈছে।

ঘটনাটোক লৈ মাজুলীত সৃষ্টি হৈছে উদ্বেগ আৰু চাঞ্চল্য। বৰ্তমানেও সন্ধানহীন মাধৱ দাসৰ সন্ধানত SDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।

মাজুলীৰ পৰা কবিতা বৰাৰ প্ৰতিবেদন।

Leave a Reply

Your email address will not be published. Required fields are marked *