আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে গুলীচালনাৰ অভিযোগ; চিকিৎসাৰ বাবে AMCHলৈ প্ৰেৰণ

শিৱসাগৰৰ বিহুবৰত পুনৰ আৰক্ষীৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। বিমান বৰুৱা হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ৰুবুল খান আৰক্ষীৰ গুলীত আহত হোৱা বুলি জানিব পৰা গৈছে। পুৱতি নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

জানিব পৰা মতে, ৰুবুল খানৰ সোঁভৰিত আৰক্ষীৰ গুলী লাগে। গুলীবিদ্ধ ৰুবুল খানক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেওঁক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (AMCH)লৈ প্ৰেৰণ কৰা হয়।

ৰুবুল খানক বিমান বৰুৱা হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল। আৰক্ষীৰ মতে, বিকি সিঙৰ সৈতে ৰুবুল খানেও হত্যাকাণ্ডটোত ভূমিকা পালন কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পূৰ্বে ১৯ ছেপ্টেম্বৰৰ নিশা আন এজন অভিযুক্ত বিকি সিংও আৰক্ষীৰ গুলীত আহত হৈছিল। নাগালেণ্ডৰ পৰা আটক কৰি অসমলৈ অনাৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ অভিযোগত আৰক্ষীয়ে গুলীচালনা কৰিছিল বুলি জানিব পৰা গৈছিল।

আৰক্ষীৰ গুলীত আহত হোৱাৰ পিছত ৰুবুল খানৰ বিস্ফোৰক স্বীকাৰোক্তি

ইফালে, আৰক্ষীৰ গুলীত আহত হোৱাৰ পিছত বিমান বৰুৱা হত্যাকাণ্ড সন্দৰ্ভত ৰুবুল খানে কৰা বুলি প্ৰকাশ পোৱা স্বীকাৰোক্তিয়ে নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰুবুল খানৰ স্বীকাৰোক্তি অনুসৰি, বিমান বৰুৱাক হত্যা কৰাৰ উদ্দেশ্যৰে তেওঁ আৰু বিকি সিং একেলগে গৈছিল। তেওঁৰ ভাষ্য অনুসৰি, প্ৰথমে বিকি সিঙে বিমান বৰুৱাক আক্ৰমণ কৰে আৰু তাৰ পিছত তেওঁ নিজেও বিমান বৰুৱাক আক্ৰমণ কৰিছিল।

ৰুবুল খানে লগতে স্বীকাৰ কৰে যে বিমান বৰুৱাৰ সৈতে তেওঁৰ ব্যক্তিগত কোনো শত্ৰুতা নাছিল। তেওঁৰ ভাষ্য অনুসৰি, বিমান বৰুৱাৰ সৈতে বিকি সিঙৰ কোনো বিবাদ বা শত্ৰুতা আছিল আৰু সেই ঘটনাৰ বাবেই তেওঁলোকৰ মাজত সংঘাত সৃষ্টি হৈছিল।

ৰুবুল খানৰ স্বীকাৰোক্তি অনুসৰি, তেওঁ বিকি সিঙৰ ঘৰত কাম কৰিছিল। সেইবাবেই বিকি সিঙৰ ওপৰত থকা খং তেওঁৰ ওপৰতো দেখুওৱা হৈছিল বুলি তেওঁ উল্লেখ কৰে।

অৱশ্যে, এই স্বীকাৰোক্তিৰ সত্যতা আৰু হত্যাকাণ্ডত ৰুবুল খানৰ প্ৰকৃত ভূমিকা আৰক্ষীৰ তদন্তৰ জৰিয়তে নিশ্চিত হ’ব।

ফোন কৰি মাতি আনি বিমান বৰুৱাক হত্যাৰ অভিযোগ

উল্লেখযোগ্য যে, ১৮ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১০.৩০ বজাত নাজিৰাৰ বিহুবৰ আৰক্ষী থানাৰ পৰা প্ৰায় ২০০ মিটাৰ নিলগত ৰঙাজানৰ ৰাজপথত যুৱ সমাজকৰ্মী বিমান বৰুৱাক ফোন কৰি মাতি আনি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

অভিযোগ অনুসৰি, দাৰে আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয় বিমান বৰুৱা আৰু পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু ঘটে।

এই হত্যাকাণ্ডৰ পিছতে বিকি সিং নাগালেণ্ডলৈ পলায়ন কৰা বুলি জানিব পৰা যায়। পৰৱৰ্তী সময়ত নাগালেণ্ডৰ পৰা তেওঁক কৰায়ত্ত কৰি অসমলৈ অনাৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হয়। সেই সময়তে আৰক্ষীয়ে গুলীচালনা কৰাত বিকি সিং আহত হৈছিল।

ড্ৰাগছ ব্যৱসায়ৰ অভিযোগক লৈও তদন্ত

আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি, বিকি সিঙৰ বিৰুদ্ধে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগ আছে। আৰক্ষীৰ মতে, বিমান বৰুৱাৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ঘটনাত বিকি সিং জড়িত আছিল।

ইফালে স্থানীয় লোকৰ অভিযোগ অনুসৰি, বিকি সিঙৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও ড্ৰাগছ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

বিমান বৰুৱা হত্যাকাণ্ডৰ মূল কাৰণ, হত্যাকাণ্ডত জড়িত আন ব্যক্তিৰ ভূমিকা আৰু ড্ৰাগছৰ সৈতে সম্ভাব্য সম্পৰ্ককে ধৰি সমগ্ৰ বিষয়টো বৰ্তমান আৰক্ষীৰ তদন্তৰ আওতাত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *