গুৱাহাটীত অনুষ্ঠিত হোৱাৰ কথা আছিল ভাৰত-জাপান শীৰ্ষ সন্মিলন। এই সন্মিলনৰ পাছতেই অসমত মুকলি হ’লহেঁতেন উন্নয়নৰ নতুন দিগন্ত। বিনিয়োগৰ অলেখ সম্ভাৱনা কঢ়িয়াই জাপানৰ প্রধানমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰিব বুলি আশাবাদী আছিল অসম চৰকাৰ
বাতিল হ’ল জাপানৰ প্রধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী। গুৱাহাটীত অনুষ্ঠিত হোৱাৰ কথা আছিল ভাৰত-জাপান শীৰ্ষ সন্মিলন। এই সন্মিলনৰ পাছতেই অসমত মুকলি হ’লহেঁতেন উন্নয়নৰ নতুন দিগন্ত। বিনিয়োগৰ অলেখ সম্ভাৱনা কঢ়িয়াই জাপানৰ প্রধানমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰিব বুলি আশাবাদী আছিল অসম চৰকাৰ। কিন্তু মঙলবাৰে বাতিল হ’ল জাপানৰ প্রধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী। কিন্তু কিয় বাতিল হ’ল এই কাৰ্যসূচী। এই সন্দৰ্ভত অসম চৰকাৰৰ স্থিতি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মঙলবাৰে সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘সত্যাসত্য এইটোৱেই যে কালি নিশা ভাৰত চৰকাৰৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ মুখ্য সচিবক জনাই যে ‘বিশেষ কাৰণ’ত এইবাৰ জাপানৰ প্রধানমন্ত্ৰী অসমলৈ নাহিব। তাৰ পৰিৱৰ্তে জাপানৰ প্রধানমন্ত্ৰীৰ ভ্ৰমণসূচী নতুন দিল্লীতে আবদ্ধ থাকিব। তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথককৈ এটা দিন ঠিক কৰিব। কিন্তু, জাপানৰ প্রধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহ’ব।’’
জাপানৰ প্রধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হোৱাৰ কাৰণ কি হ’ব পাৰে বুলি সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘কাৰণটো তেওঁ (বিক্ৰম মিশ্ৰী) আমাক জনোৱা নাই। গতিকে কাৰণখিনি আমি নিজেই উলিয়াই ল’ব লাগিব। তেওঁলোকক কাৰণ সোধাতো প্রট’কলত নপৰে। যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে, ভাৰতৰ কথা জড়িত আছে। তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰো। গতিকে, কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব। আজি মাত্ৰ ঘটনাটো হৈছে। গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই। যেতিয়া মই দিল্লীলৈ যাম, এছ জয়শংকৰ ডাঙৰীয়াক লগ পাম, তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম। কিন্তু, আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিশ্ৰী ডাঙৰীয়াই কালি নিশা প্ৰায় ১০.৩০ বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱৰা কাৰণত জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ অসমলৈ নহ’ব, নতুন দিল্লীলৈহে হ’ব। দ্বিতীয়তে তেওঁলোকে আমাক জনাইছে যে বিনিয়োগকাৰী সন্মিলনখন সঠিক সময়ত অসমত অনুষ্ঠিত কৰিব।’’
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘ভৱিষ্যতে জাপানৰ প্ৰতিনিধি অহাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছে। গুৱাহাটীত কাম চলি থকাখিনি চলি থাকিব। চৰকাৰৰ ধনৰ অপব্যৱহাৰ নোহোৱাকৈ কাম কৰি যাব। অতিথিজন অহাহেঁতেন বেলেগ হ’লহেঁতেন কথাটো।’’ গুৱাহাটীৰ পৰা বিদেশলৈ বিমানযাত্ৰা সন্দৰ্ভত তেওঁ কয়, ‘‘গুৱাহাটীৰ পৰা ৪খন দেশলৈ পোনটীয়াকৈ চলিব বিমান। এয়াৰ ইণ্ডিয়াৰ বিমান চলিব ৪খন দেশলৈ। গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ বিমান চলিব। ভিয়েটনামলৈ চলোৱাৰ কথা আমি পাতি আছোঁ।’’
