আগষ্ট মাহ শেষ হোৱাৰ লগে লগে ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম আৰু ব্যৱস্থাত পৰিৱৰ্তন আহিবলৈ গৈ আছে। বেংকিং, LPG, আয়কৰ, ভ্ৰমণকে ধৰি বিভিন্ন ক্ষেত্ৰৰ এই পৰিৱৰ্তনে সাধাৰণ গ্ৰাহকৰ দৈনন্দিন জীৱন, খৰচ আৰু সঞ্চয়ত প্ৰভাৱ পেলাব পাৰে।

আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণত নাথাকিব Boarding Pass-ত Immigration Stamp

১ ছেপ্টেম্বৰৰ পৰা ভাৰতৰ পৰা বিদেশলৈ যোৱা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ বাবে ইমিগ্ৰেচন প্ৰক্ৰিয়া কিছু সহজ হ’ব। নতুন ব্যৱস্থাত Boarding Pass-ত ইমিগ্ৰেচন ষ্টাম্প দিয়াৰ প্ৰয়োজন নাথাকিব। যাত্ৰীসকলে মোবাইলত ইলেক্ট্ৰনিক Boarding Pass অথবা ইয়াৰ প্ৰিণ্টেড কপি দেখুৱাই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব।

ITR জমা দিয়াৰ সময়সীমা

Assessment Year ২০২৬-২৭ৰ বাবে যিসকল কৰদাতাৰ একাউণ্ট অডিট কৰাটো বাধ্যতামূলক নহয়, তেওঁলোকৰ ITR জমা দিয়াৰ সময়সীমা ৩১ আগষ্ট ২০২৬লৈ। ব্যৱসায় বা পেছাৰ পৰা আয় কৰা কৰদাতাসকলে নিজৰ আয়ৰ ধৰণ অনুসৰি সঠিক ITR ফৰ্ম বাছনি কৰাটো গুৰুত্বপূৰ্ণ।

ITR-4 সাধাৰণতে অনুমানভিত্তিক কৰ ব্যৱস্থাৰ অধীনত যোগ্য ক্ষুদ্ৰ ব্যৱসায়ী আৰু পেছাদাৰী লোকৰ বাবে ব্যৱহাৰ হয়। আনহাতে, ITR-4ৰ আওতাত নপৰা বহু ব্যৱসায়ী বা পেছাদাৰী লোকৰ বাবে ITR-3 প্ৰযোজ্য হ’ব পাৰে।

LPG e-KYCৰ সময়সীমা

LPG গ্ৰাহকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। যিসকলে এতিয়াও LPG সংযোগৰ e-KYC সম্পূৰ্ণ কৰা নাই, তেওঁলোকৰ বাবে ৩১ আগষ্টলৈ সময় বৃদ্ধি কৰা হৈছে। অৰ্থাৎ, সময়সীমাৰ ভিতৰত e-KYC সম্পূৰ্ণ নকৰিলে পৰৱৰ্তী সময়ত ঘৰুৱা মূল্যত LPG চিলিণ্ডাৰ লাভৰ ক্ষেত্ৰত অসুবিধা হ’ব পাৰে।

Indian Oil, HPCL আৰু BPCLৰ গ্ৰাহকসকলক সময়মতে e-KYC সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

FD সম্পৰ্কীয় নতুন নিয়ম

ফিক্সড ডিপজিট বা FD সম্পৰ্কীয় কিছুমান নতুন নিয়মো আহিবলৈ গৈ আছে। অৱশ্যে এই পৰিৱৰ্তন ১ অক্টোবৰ ২০২৬ৰ পৰা কাৰ্যকৰী হোৱাৰ কথা। ৩ কোটি টকা বা তাতকৈ অধিক বৃহৎ আমানতৰ ক্ষেত্ৰত বেংকসমূহে প্ৰতিটো কৰ্মদিনত নিৰ্দিষ্ট সময়ৰ ভিতৰত ৱেবছাইটত সুতৰ হাৰ প্ৰকাশ কৰিব লাগিব।

সাধাৰণ গ্ৰাহকৰ সৰু পৰিমাণৰ FDৰ ওপৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ বিশেষ নপৰিব।

LPG, ATM আৰু অন্যান্য চাৰ্জতো থাকিব নজৰ

ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে LPG চিলিণ্ডাৰৰ মূল্যত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ উপৰি বেংকৰ FDৰ সুতৰ হাৰ, ATM চাৰ্জ আৰু বিমান ইন্ধন ATFৰ মূল্যতো পৰিৱৰ্তন হ’ব পাৰে।

সেয়েহে নতুন মাহ আৰম্ভ হোৱাৰ আগতে গ্ৰাহকসকলে নিজৰ বেংক, LPG সংযোগ আৰু কৰ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্যসমূহ পৰীক্ষা কৰি লোৱাটো উচিত। কোনো কামৰ সময়সীমা থাকিলে শেষ মুহূৰ্তলৈ অপেক্ষা নকৰি সময়মতে সম্পূৰ্ণ কৰিলে অতিৰিক্ত মাচুল বা অসুবিধাৰ পৰা হাত সাৰিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *