ৰিপাব্লিক অসম, গুৱাহাটী, ২৬ আগষ্টঃ ৰাষ্ট্ৰ গঠন আৰু বিকাশবাদৰ বাৰ্তা লৈ আগবাঢ়ি অহা নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চৰ অসম ৰাজ্যিক মিডিয়া তত্বাৱধায়ক হিচাপে জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি তালুকদাৰক নিযুক্তি দিয়া হৈছে।

গুৱাহাটীৰ বেলতলাত অৱস্থিত সংগঠনটোৰ অসম ৰাজ্যিক কাৰ্যালয়ৰ পৰা জাৰি কৰা নিযুক্তি পত্ৰ নং এন এম ভি এম/এ-২২/২৬-২৭ অনুসৰি, নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চৰ অসম ৰাজ্যিক সভাপতি প্ৰশান্ত বৰাই আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি তালুকদাৰক এই দায়িত্ব অৰ্পণ কৰে।

সংগঠনটোৰ সভাপতি প্ৰশান্ত বৰাই আশা প্ৰকাশ কৰে যে ৰাষ্ট্ৰ নিৰ্মাণৰ সামগ্ৰিক কামত সাংবাদিক নয়নজ্যোতি তালুকদাৰে স্বচ্ছতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ইফালে, সভাপতিৰ অনুমোদনক্ৰমে যোৰহাটৰ পলাশ দেৱ দাস আৰু গুৱাহাটীৰ তপন কলিতাকো ৰাজ্যিক মুখপাত্ৰ হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে।

বিচাৰ মঞ্চৰ সভাপতি প্ৰশান্ত বৰা আৰু সম্পাদক সম্ৰাট দত্তই আশা প্ৰকাশ কৰে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰ্শ আৰু বিচাৰধাৰাৰ আধাৰত ‘উৎকৃষ্ট ভাৰত’ৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ ৰাইজৰ মাজত অৱগত কৰাৰ লগতে তৃণমূল পৰ্যায়লৈ লৈ যোৱাত নতুন দায়িত্বপ্ৰাপ্ত বিষয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

সংগঠনটোৰ মূল মন্ত্ৰ হৈছে— “পেট কো ৰুটি, দেশ কা মোডী” আৰু “ন’ প্ৰান্তবাদ, ন’ জাতিবাদ, অব চলে চিৰ্ফ বিকাশবাদ।”

নিযুক্তি পত্ৰৰ প্ৰতিলিপি সংগঠনটোৰ ৰাষ্ট্ৰীয় সভাপতি ড° অমৰনাথ চোনী, মুখ্য সমন্বয়ক ৰবি চাণক্য, মুখ্য সাধাৰণ সম্পাদক সুনীল গাডেকাৰকে ধৰি প্ৰান্তীয় সংগঠনৰ দায়িত্বত থকা সংশ্লিষ্ট বিষয়াসকললৈ প্ৰেৰণ কৰা হৈছে বুলি পত্ৰযোগে জানিবলৈ দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *