হিমাচল প্ৰদেশৰ কিন্নুৰ জিলাত মঙলবাৰে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ৰেকং পিঅ’ আৰু টাপ্ৰীৰ মাজৰ উৰ্ণী ধাংক অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ-৫ৰ ওপৰত থকা ১৯০ ফুট দৈৰ্ঘ্যৰ লোহাৰ বেইলী দলংখন ভাঙি পৰাত বালিভৰ্তি ১০ চকীয়া এখন ডাম্পাৰ ট্ৰাক সতলুজ নদীত পৰি যায়।
প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত বন্দী হোৱা এই ঘটনাত ট্ৰাকখন দলং পাৰ হৈ থকা অৱস্থাত হঠাতে দলংখন ভাঙি পৰে। সৌভাগ্যক্ৰমে চালকজনে সামান্য আঘাত লৈ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় আৰু তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
কৰ্তৃপক্ষৰ মতে, ট্ৰাকখন অতিমাত্ৰা বোজাই কৰা হৈছিল। দলংখনৰ অনুমোদিত বহন ক্ষমতা ২৮ টন আছিল যদিও ট্ৰাকখনত ইয়াতকৈ অধিক বোজা থকাৰ সম্ভাৱনা আছে। ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।
