ডিব্ৰুগড়, ৩০ জুন: ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত জকাই খামটিঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত সমগ্ৰ শিক্ষা অভিযানৰ অধীনত নিৰ্মাণ কৰা গণিত আৰু সংহত বিজ্ঞানাগাৰ, ৰান্ধনীশাল আৰু প্ৰস্ৰাৱগাৰ-স্নানাগাৰ কক্ষৰ শুভ উদ্বোধন কৰে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে।
জানিব পৰা মতে, সমগ্ৰ শিক্ষা অভিযানৰ ২০২৪-২৫ বৰ্ষৰ ৪ লাখ টকাৰ ব্যয়ে নিৰ্মাণ কৰা ৰান্ধনীশাল, ৩ লাখ টকাৰ ব্যয়ে নিৰ্মাণ কৰা প্ৰস্ৰাৱগাৰ-স্নানাগাৰ কক্ষ আৰু ২০২৫-২৬ বৰ্ষৰ অধীনত নিৰ্মিত গণিত আৰু সংহত বিজ্ঞানাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক চক্ৰধৰ গগৈয়ে কয় যে, কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ আৰু অসম চৰকাৰৰ শিক্ষা উন্নয়নমুখী পদক্ষেপৰ ফলস্বৰূপে বিদ্যালয়খনত এনে আধুনিক আন্তঃগাঁথনি গঢ়ি উঠিছে। তেওঁৰ মতে, নতুন গণিত আৰু সংহত বিজ্ঞানাগাৰে শিক্ষাৰ্থীসকলৰ বিজ্ঞানভিত্তিক শিক্ষা আৰু প্ৰায়োগিক জ্ঞান বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। লগতে ৰান্ধনীশাল আৰু প্ৰস্ৰাৱগাৰ-স্নানাগাৰ কক্ষই বিদ্যালয়খনৰ দৈনন্দিন ব্যৱস্থাপনা আৰু ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য-স্বচ্ছতা ৰক্ষাত বিশেষ সহায়ক হ’ব।
বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি নোমল গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক গৰাকীয়ে বিদ্যালয়খনক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ, আন্তঃগাঁথনি উন্নয়ন আৰু শৈক্ষিক বিকাশৰ বাবে অসম চৰকাৰৰ জৰিয়তে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়ে।
সভাখন সঞ্চালনা কৰে সহকাৰী শিক্ষক ৰূদ্ৰেশ্বৰ সোণোৱালে। অনুষ্ঠান পৰিচালনাত সহায় কৰে সহকাৰী শিক্ষক মণ্টু গগৈয়ে। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অতিথি আপ্যায়নসহ অনুষ্ঠান সফলভাৱে সম্পন্ন কৰাত সহযোগিতা আগবঢ়ায়।
আদৰণি ভাষণত সভাপতি নোমল গগৈয়ে সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে বিদ্যালয়খনলৈ আবণ্টিত আঁচনিসমূহে শিক্ষাৰ মানোন্নয়নত ইতিবাচক ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। লগতে বিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে বিধায়ক চক্ৰধৰ গগৈক ধন্যবাদ জ্ঞাপন কৰে।
অনুষ্ঠানত বিজেপি ৰাজ্যিক জনজাতি মৰ্চাৰ সদস্য তথা যুৱনেতা নবীন মিলি, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অপৰাজিতা কোঁৱৰ, শিক্ষক হেমন্ত কোঁৱৰ, মনোৰঞ্জন কুৰ্মি, দেৱজ্যোতি কোঁৱৰ, অভিমন্যু ভৰালী, বিজেপি বৰবৰুৱা মণ্ডল জনজাতি মৰ্চাৰ সভাপতি পদ্মধৰ সোণোৱাল, দলীয় কৰ্মকৰ্তা, শিক্ষক-কৰ্মচাৰী আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত থাকে।
ইয়াৰ উপৰিও, গ্ৰীষ্মকালীন বিদ্যালয় বন্ধ উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে গীত-মাতৰ এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ অন্তত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে বিদ্যালয়খনৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত তিনিটা দাবী সম্বলিত এখন আবেদনপত্ৰ বিধায়ক চক্ৰধৰ গগৈৰ হাতত অৰ্পণ কৰে।
