কলিয়াবৰৰ বুঢ়াপাহাৰত পুনৰ ভূমিস্খলন। নেৰানেপেৰা বৰষুণৰ ফলত পুৱাৰে পৰা পাহাৰৰ কেইবাটাও স্থানত শিল-মাটি খহি পৰাত ৰাষ্ট্ৰীয় ঘাইপথত ব্যাহত হয় যান-বাহনৰ চলাচল।

ডিজিটেল ডেস্কঃ কলিয়াবৰৰ বুঢ়াপাহাৰত পুনৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, বুঢ়াপাহাৰৰ প্ৰায় পাঁচটা স্থানত পাহাৰৰ পৰা শিল-মাটি খহি ৰাষ্ট্ৰীয় ঘাইপথত পৰিছে। নেৰানেপেৰা বৰষুণৰ ফলতেই এই ভূমিস্খলন সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শিল-মাটি পৰি যান-বাহনৰ চলাচলত সমস্যাৰ সৃষ্টি হয়। পুৱাৰ ভাগত পথছোৱাত কিছু সময়ৰ বাবে যানজঁটৰো সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।

ইফালে, ভূমিস্খলন চলি থকাৰ সময়তে এখন ট্ৰাক দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে এই পৰ্যন্ত দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱাৰ তথ্য পোহৰলৈ অহা নাই।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে প্ৰশাসনে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি ৰাষ্ট্ৰীয় ঘাইপথছোৱা মুকলি কৰে। ফলত পুনৰ স্বাভাৱিক হয় যান-বাহনৰ চলাচল।

উল্লেখ্য যে, দুদিন পূৰ্বেও বুঢ়াপাহাৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল। ধাৰাবাহিকভাৱে হোৱা ভূমিস্খলনৰ ঘটনাক লৈ পথটোৰে যাতায়াত কৰা লোকসকলৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *