ইতিহাসৰ পৃষ্ঠাত খোদিত হ’ল ২৭ মে’ৰ দিনটো। আজিৰ দিনটোতে অসম বিধানসভাত গৃহীত হ’ল ঐতিহাসিক UCC বিধেয়ক। ধ্বনি ভোটত গৃহীত হ’ল UCC বিধেয়ক। UCC বিধেয়ক গৃহীত হোৱা দেশৰ তৃতীয় ৰাজ্যত পৰিণত হ’ল অসম।

কংগ্ৰেছে UCC বিধেয়কৰ ৭টা সংশোধনীৰ প্ৰস্তাৱ আনিছিল, ৰাইজৰ দলে ১৭টা আৰু TMCএ আনিছিল দুটা সংশোধনী। বিৰোধীয়ে UCC বিধেয়কখন ছিলেক্ট কমিটীলৈ প্ৰেৰণৰ দাবী কৰিছিল কিন্তু বিৰোধীৰ দাবী অগ্ৰাহ্য কৰে বিধানসভাৰ অধ্যক্ষই।

সামাজিক ন্যায় আৰু সমতা প্ৰদানৰ বাবে অসম চৰকাৰে UCC গৃহীত কৰিছে। UCC বিধেয়কত লিভ-ইন ৰিলেচনশ্বিপৰ ক্ষেত্ৰত আছে কেতবোৰ কঠোৰ নিয়ম। UCCৰ বিধি অনুসৰি এজন বিবাহিত হ’লে লিভ-ইনত থাকিব নোৱাৰিব। এতিয়াৰে লিভ-ইন ৰিলেচনশ্বিপৰ পঞ্জীয়ন বাধ্যতামূলক হ’ব ৰাজ্যত। সংগীৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই ব্যৱস্থা লৈছে অসম চৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *