তেওঁৰ গৱেষণাৰ বিষয় হৈছে পানীৰ প্ৰদূষণ আৰু পৰিশোধন, কৃষি আৰু জলসিঞ্চন আৰু প্ৰদূষিত পানীৰ পৰা জটিল ধাতু আৰু খনিজ পদাৰ্থ উদ্ধাৰ।

অসম তথা নগাঁৱৰ সুসন্তান ড০ জগন্নাথ বিশ্বকৰ্মাক ব্ৰিটেইনৰ পৰিৱেশ গৱেষণা আৰু নীতি ব্যৱস্থাত জ্যেষ্ঠ বিজ্ঞান বিষয়াৰ দায়িত্ব অৰ্পণ। পৰিৱেশ বিজ্ঞানী ড০ জগন্নাথ বিশ্বকৰ্মাক পৰিৱেশ, খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগত পৰিৱেশ আৰু জলসম্পদ সংলগ্ন অসামৰিক সেৱাৰ গুৰুত্বপূৰ্ণ জ্যেষ্ঠ বিষয়া হিচাপে দায়িত্ব দিয়া হৈছে।

ড০ বিশ্বকৰ্মাই দুটা দশক ভাৰত, জাপান, ছুইজাৰলেণ্ড আদি দেশৰ পৰিৱেশ বিজ্ঞান আৰু জলসম্পদৰ ওপৰত গৱেষণা কৰি আহিছে। ভাৰততো তেওঁ আইআইটি হায়দৰাবাদৰ অতিথি অধ্যাপক আৰু অসমৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ সৈতে বিভিন্ন গৱেষণাৰ প্ৰকল্পত জড়িত।

তেওঁৰ গৱেষণাৰ বিষয় হৈছে পানীৰ প্ৰদূষণ আৰু পৰিশোধন, কৃষি আৰু জলসিঞ্চন আৰু প্ৰদূষিত পানীৰ পৰা জটিল ধাতু আৰু খনিজ পদাৰ্থ উদ্ধাৰ। বিশেষকৈ ভূগৰ্ভস্থ পানীত আৰ্ছেনিকৰ দৰে বিষাক্ত পদাৰ্থ কেনেদৰে বিস্তাৰ লাভ কৰে আৰু মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলায়, সেই বিষয়ত দীৰ্ঘদিন ধরি তেওঁ গৱেষণা কৰি আহিছে। গৱেষণাৰ উপৰিও তেওঁ আন্তঃৰাষ্ট্ৰীয়বৈজ্ঞানিক সহযোগিতা আৰু পৰিৱেশ নীতি-আলোচনাৰ ক্ষেত্ৰতো সক্ৰিয়ভাৱে জড়িত হৈ আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *