১৯ জুলাইৰ বানত দেৱৰাম পাণিকাৰ পত্নী আৰু ৪ বছৰীয়া জীয়ৰী ৰাধিকা উটি গ’ল. পত্নীৰ মৃতদেহ উদ্ধাৰ হ’ল যদিও ৰাধিকাৰ সন্ধান নাই.

“মই শেষ হৈ গ’লো… মোৰ একো নাথাকিল! মই কেৱল মোৰ ছোৱালীজনীক এবাৰ চাব বিচাৰো…”- চকুলোৰে বুকু ভৰাই এয়া এগৰাকী নিৰুপায় পিতৃৰ হাহাকাৰ। এফালে জীৱন যুঁজত তিষ্ঠি থকা একমাত্র সন্তানৰ নিশ্চুপ উচুপনি, আনফালে নিমিষতে সকলো হেৰুৱাই পেলোৱা এগৰাকী পিতৃৰ অসীম যন্ত্রণা। হাতত এতিয়া মাথোঁ কিছু উকা স্মৃতি আৰু চকুত অবিৰত অশ্ৰুৰ বন্যা।

১৯ জুলাইৰ সেই অভিশপ্ত দিনটোৱে এক মুহূর্ততে কাঢ়ি নিলে দেৱৰাম পাণিকাৰ সপোনৰ পৃথিৱীখন। ১৯ জুলাইৰ জলপ্ৰলয় আছিল দেৱৰাম পাণিকাৰ পৰিয়ালটোৰ বাবে কালৰূপী। বানৰ সংহাৰী উত্তাল ঢৌৱে চকুৰ পচাৰতে উটুৱাই লৈ গৈছিল তেওঁৰ ধুনীয়া সংসাৰখন। বানে উটুৱাই লৈ গৈছিল পত্নী আৰু ৪ বছৰীয়া কণমানি জীয়ৰী ৰাধিকাক। বানৰ পানী শুকোৱাৰ পাছত উদ্ধাৰকাৰী দলে পত্নীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আজিলৈকে কোনো
সন্ধান ওলোৱা নাই ৪ বছৰীয়া মৰমৰ ৰাধিকাৰ। তাই জীয়াই আছেনে নাই, সেই কথাও এতিয়াও অনিশ্চয়তাৰ আৱৰ্তত।

‘‘১০ মিনিটতে পানী বাঢ়ি আহিছিল, কোনোমতে আমি ওলাইছিলোঁ…’’, বানে চিন-মোকাম নোহোৱা কৰি পেলালে দিখৌৰ পাৰৰ শিলনী মাজগাঁৱৰ
বানৰ ভয়াৱহতাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰা ডাঙৰ জীয়ৰীক বুকুত বান্ধি এতিয়া নেপালী খুঁটিৰ পথ প্ৰান্তত উন্মাদৰ দৰে ঘূৰি ফুৰিছে দুৰ্ভগীয়া দেৱৰামে। সৰু জীয়ৰী ৰাধিকাক এবাৰ চাবলৈ, বুকুত সাবটি ল’বলৈ তেওঁৰ অসীম ব্যাকুলতা। প্রতিটো মুহূৰ্ততে তেওঁ মাথোঁ বিচাৰি ফুৰিছে নিজৰ কলিজাৰ টুকুৰাক। দেৱৰাম পাণিকাৰ এই কৰুণ অৱস্থা, অপাৰ যন্ত্ৰণা আৰু চকুলোৰ আগত আজি মানৱতা যেন স্তম্ভিত হৈ পৰিছে। প্ৰকৃতিৰ এই নির্দয়তাই এক হাঁহি-ধেমালিৰে ভৰা পৰিয়ালক নিমিষতে নিঃশেষ কৰি পেলালে।

Leave a Reply

Your email address will not be published. Required fields are marked *