থাইলেণ্ডৰ ফুকেটৰ পৰা দিল্লীলৈ আহি থকা এয়াৰ ইণ্ডিয়াৰ AI2379 নম্বৰৰ বিমানখনত সোমবাৰে উৰণৰ মাজতে তীব্ৰ টাৰ্বুলেন্সৰ সৃষ্টি হোৱাত ১০ জন যাত্ৰীৰ লগতে ৪ জন কেবিন ক্ৰিউ সদস্য সামান্যভাৱে আহত হয়। ঘটনাৰ সত্যতা এয়াৰ ইণ্ডিয়াই নিশ্চিত কৰিছে।

জানিব পৰা মতে, ফুকেটৰ পৰা দিল্লীলৈ যাত্ৰা কৰি থকা অৱস্থাত বিমানখন হঠাতে তীব্ৰ আপড্ৰাফ্ট আৰু ডাউনড্ৰাফ্টৰ কবলত পৰে। ইয়াৰ ফলত বিমানখনত প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি হয় আৰু কিছু সময়ৰ বাবে বিমানখনৰ উচ্চতা প্ৰায় ৩০০ ফুট হ্ৰাস পায়। এই আকস্মিক পৰিস্থিতিৰ ফলত কেইবাজনো যাত্ৰীয়ে আঘাত পায়।

আহতসকলৰ ভিতৰত কিছুমান যাত্ৰীৰ কাণ, ডিঙি আৰু শৰীৰৰ বিভিন্ন অংশত সামান্য আঘাত লাগে। বিমানখনত কৰ্মৰত ৪ জন কেবিন ক্ৰিউ সদস্যও এই ঘটনাত আহত হয়। অৱশ্যে কোনো যাত্ৰীৰ অৱস্থা সংকটজনক নহয় বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (IGI)-ত চিকিৎসা দল আৰু জৰুৰীকালীন সেৱাসমূহ আগতীয়াকৈ সজাগ কৰি ৰখা হয়। বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰাৰ লগে লগে আহত যাত্ৰী আৰু ক্ৰিউ সদস্যসকলক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা হয়।

প্ৰাৰম্ভিক তদন্ত অনুসৰি, বেয়া বতৰৰ ফলত সৃষ্টি হোৱা তীব্ৰ টাৰ্বুলেন্সেই এই ঘটনাৰ মূল কাৰণ বুলি অনুমান কৰা হৈছে। ঘটনাটোৰ সন্দৰ্ভত এয়াৰ ইণ্ডিয়াই অধিক তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *