অসম-অৰুণাচল সীমান্তৰ মিংমাং বদতিত সংঘটিত ঘটনাৰ প্ৰতিবাদত ট্ৰাইবেল মিছিং পৰিষদ কিম্বা TMPKয়ে গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধৰ মাজতে লিকাবালিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।
অভিযোগ অনুসৰি, অৱৰোধ চলি থকাৰ সময়তে অৰুণাচলৰ একাংশ লোকে TMPKৰ প্ৰতিবাদকাৰীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে। শিলগুটি নিক্ষেপৰ ফলত কেইবাজনো প্ৰতিবাদকাৰী আহত হোৱা বুলি জানিব পৰা গৈছে।
ইয়াৰ সমান্তৰালভাৱে অৰুণাচল আৰক্ষীয়ে চাৰিজাঁই গুলীচালনা কৰাৰো অভিযোগ উত্থাপন হৈছে। ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া।
উল্লেখ্য যে, অসম-অৰুণাচল সীমান্তৰ মিংমাং বদতিত সংঘটিত এক ঘটনাত অৰুণাচলৰ লোকৰ গুলীচালনা আৰু আক্ৰমণত ১০জন অসমীয়া লোক আহত হোৱা বুলি অভিযোগ উত্থাপন হৈছিল। সীমা বিবাদৰ আলোচনাৰ বাবে মাতি নি গুলীচালনা কৰাৰো অভিযোগ কৰিছিল ভুক্তভোগী পক্ষই।
ঘটনাটোৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুলীচালনাৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল। লগতে অসমৰ ভূমি যাতে কোনো কাৰণতে এৰি দিবলগীয়া নহয়, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।
মিংমাং বদতিৰ ঘটনাৰ প্ৰতিবাদত TMPKয়ে গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধক কেন্দ্ৰ কৰি লিকাবালিত পুনৰ সৃষ্টি হোৱা এই উত্তপ্ত পৰিস্থিতিয়ে অসম-অৰুণাচল সীমান্তৰ পৰিস্থিতিক লৈ নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে।
