চলিত মাহতেই কেৰালা বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফ মিত্ৰজোঁটৰ হাতত পৰাস্ত হৈছিল চিপিএম নেতৃত্বাধীন মিত্ৰজোঁট এলডিএফ।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট (ED)এ ৰাজনৈতিক উদ্দেশ্যেৰে বিৰোধী নেতাসকলক লক্ষ্য কৰি লৈছে আৰু তাত সমৰ্থন দিছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে! বুধবাৰে এই অভিযোগ উত্থাপন কৰিছে কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে।

‘কোচিন মিনাৰেলছ এণ্ড ৰুটাইল লিমিটেড’ সংক্ৰান্তীয় এক দুৰ্নীতি গোচৰৰ সূত্ৰ ধৰি বুধবাৰে বিজয়নৰ তিৰুৱনন্তপুৰমৰ ভাড়ঘৰ আৰু কান্নুৰৰ ঘৰত ইডিৰ তদন্তকাৰী দলে তালাচী অভিযান চলায়। ইডিৰ অভিযানৰ অন্তত সাংবাদিকৰ মুখামুখি হৈ কেৰালা বিধানসভাৰ বিৰোধী দলপতি বিজয়নে জনায় যে, কংগ্ৰেছে বিৰোধী দলসমূহৰ বিৰুদ্ধে ইডিৰ পদক্ষেপক সমৰ্থন কৰিছে! তেওঁ কয়, ‘বহুদিন ধৰিয়েই ইডিয়ে মোৰ ঘৰত তালাচী চলাব বিচাৰিছিল। মই ভাবো এই তালাচী কিছুমান মানুহৰ, বিশেষকৈ ৰাহুল গান্ধীৰ দৰে কাৰোবাৰ বাবে, বৰ আনন্দৰ কাৰণ হ’ব!’

চলিত মাহতেই কেৰালা বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফ মিত্ৰজোঁটৰ হাতত পৰাস্ত হৈছিল চিপিএম নেতৃত্বাধীন মিত্ৰজোঁট এলডিএফ। একেৰাহে ১০ বছৰ মুখ্যমন্ত্ৰিত্বৰ পাছত পদ এৰিবলগীয়া হৈছে বিজয়নে। তাৰ পাছতে নিজৰ ঘৰত ইডিৰ অভিযানক লৈ বিজয়নে কয়, ‘কংগ্ৰেছৰ স্থিতি হ’ল, তেওঁলোকৰ নিজৰ দলৰ বাহিৰে আনৰ বিৰুদ্ধে ইডিৰ হস্তক্ষেপ চলিব লাগে।’ এই বিষয়ত কংগ্ৰেছে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ সৈতে সহযোগিতা কৰিছে বুলি দাবী কৰি প্ৰবীণ চিপিএম নেতাজনৰ মন্তব্য, ‘ৰাহুল গান্ধীয়েতো মুকলিকৈ প্ৰশ্ন উত্থাপন কৰিছিল যে কিয় তেওঁৰ ঘৰত তালাচী চলোৱা হোৱা নাই আৰু কিয় তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই!’

উল্লেখযোগ্যযে ‘কোচিন মিনাৰেলছ এণ্ড ৰুটাইল লিমিটেড’ দুৰ্নীতি গোচৰত নাম সাঙোৰ খাইছে বিজয়নৰ কন্যা বীণাৰ। বীণাৰ স্বামী মহম্মদ ৰিয়াজ চিপিএম নেতা তথা কেৰালাৰ পূৰ্বৰ বাওঁ মৰ্চা চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰী আছিল। কেৱল বিজয়নৰ ঘৰেই নহয়, এই গোচৰত সমগ্ৰ কেৰালাৰ আৰু ৯টা স্থানত ইডিয়ে তালাচী অভিযান চলাইছে। তিৰুৱনন্তপুৰমৰ বেকাৰী জংচন এলেকাত থকা বিজয়নৰ ঘৰত তালাচী অভিযান চলাবলৈ গৈ ইডিৰ তদন্তকাৰী বিষয়াসকল বুধবাৰে চিপিএম কৰ্মীৰ আক্ৰমণৰ সন্মুখীন হোৱা বুলিও অভিযোগ উঠিছে। প্ৰতিবাদকাৰীসকলে ইডি, কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ বিৰুদ্ধে শ্লোগান দিয়ে। আনকি, তেওঁলোকৰ ভিতৰৰে কেইজনমানে নিৰাপত্তাৰক্ষীৰ দিশে প্লাষ্টিকৰ বটল, হেলমেট আৰু শিলগুটি নিক্ষেপ কৰাৰ লগতে বাহন ভাঙি চূৰমাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *