মৰিকলং ডকাইতি-কাণ্ডৰ মাষ্টাৰমাইণ্ডক এনকাউণ্টাৰ। পুনৰ ডকাইতিৰ পৰিকল্পনাৰে নগাঁৱলৈ আহিছিল খাইৰুল আলী ওৰফে মণি। আৰক্ষীৰে মুখামুখি হোৱাত আৰক্ষীৰ বাহনলৈ গুলীচালনা। আত্মৰক্ষাৰ বাবে ডকাইতৰ দললৈ আৰক্ষীৰ গুলীচালনা। ঘটনাস্থলীৰ পৰা উদ্ধাৰ এটা ৭.৬৫ পিষ্টল আৰু এখন দা।

সোমবাৰে মাজনিশা প্ৰায় ২.৩০ বজাত খাইৰুলৰ নেতৃত্বত নগাঁও ৰাঙলুৰ বৰকন্দলীত পুনৰ ডকাইতিৰ উদ্দেশ্যৰে আহিছিল ৫জনীয়া এটা দল। গোপন খবৰৰ ভিত্তিত বৰকন্দলীত উপস্থিত হৈছিল নগাঁও আৰক্ষীৰ এটা বৃহৎ দল। আৰক্ষীৰে মুখামুখি হোৱাত আৰক্ষীৰ বাহনলৈ গুলীচালনা কৰে ডকাইতৰ দলটোৱে। লগে লগে আত্মৰক্ষাৰ বাবে আৰক্ষীয়েও কৰে গুলীচালনা। আৰক্ষীৰ দুটাকৈ গুলীয়ে ভেদি গ’ল খাইৰুলৰ শৰীৰ। গুলীবিদ্ধ খাইৰুলক নগাঁও চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আনহাতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন চাৰিটা ডকাইতে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা ৭.৬৫ পিষ্টল আৰু এখন দা। নিহত খাইৰুলৰ ঘৰ লখিমপুৰ চহৰৰ থানা ৰোডত। মৰিকলং ডকাইতি-কাণ্ডৰ পাছতে কলকাতালৈ পলাই গৈছিল মাষ্টাৰমাইণ্ড খাইৰুল আলী ওৰফে মণি। কিন্তু হাতত টকা নথকাত লখিমপুৰলৈ ওভতি আহিছিল দুৰ্ধৰ্ষ খাইৰুল। সোমবাৰে পুনৰ ডকাইতিৰ পৰিকল্পনাৰে নগাঁও ৰাঙলুৰ বৰকন্দলীলৈ আহিছিল খাইৰুল।

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed