দেশৰ মানচিত্ৰৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে পুনৰ চৰ্চাত অসম কন্যা লাভলিনা বৰগোহাঁই। কমনৱেলথ গেমছ ২০২৬ৰ সময়ত স্কটলেণ্ডৰ গ্লাছগ’ৰ এখন ৰেষ্টুৰেণ্টত ভাৰতৰ বিকৃত মানচিত্ৰ প্ৰদৰ্শন কৰা দেখি প্ৰতিবাদ সাব্যস্ত কৰিছিল লাভলিনাই। এই ঘটনাক লৈ এইবাৰ স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিলে অলিম্পিক পদক বিজয়ী বক্সাৰগৰাকীক।
কমনৱেলথ গেমছত ৭৫ কেজি শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ পিছত ভাৰতীয় বক্সিং দলৰ সৈতে গ্লাছগ’ৰ এখন ৰেষ্টুৰেণ্টলৈ গৈছিল লাভলিনা। নৈশ আহাৰৰ সময়ত মেন্যু আৰু ৰেষ্টুৰেণ্টৰ বাহিৰত থকা ল’গ’ত ব্যৱহৃত ভাৰতৰ মানচিত্ৰত উত্তৰ-পূৰ্বাঞ্চলক বাদ দিয়া হোৱা কথাটো তেওঁৰ চকুত পৰে।
বিষয়টো দেখি নীৰৱ হৈ নাথাকিল লাভলিনা। ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষক ভদ্ৰভাৱে বিষয়টো অৱগত কৰি তেওঁ কয় যে ভাৰতৰ মানচিত্ৰত উত্তৰ-পূৰ্বাঞ্চল নথকা কথাটোৱে তেওঁক এগৰাকী উত্তৰ-পূৰ্বাঞ্চলৰ ব্যক্তি হিচাপে আঘাত কৰিছে।
লাভলিনাৰ এই পদক্ষেপৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে।
“কি হৈছিল, ৰেষ্টুৰেণ্টৰ লোকৰ সৈতে কাজিয়া কৰিছিলা নেকি?”
কমনৱেলথ গেমছৰ পদক বিজয়ী ভাৰতীয় খেলুৱৈসকলৰ সৈতে হোৱা এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই লাভলিনাৰ এই ঘটনাৰ কথা উত্থাপন কৰে।
হাস্যৰসৰ মাজতে মোদীয়ে লাভলিনাক সুধিছিল—
“কি হৈছিল, তুমি ৰেষ্টুৰেণ্টৰ লোকৰ সৈতে যে কাজিয়া কৰিছিলা?”
প্ৰধানমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰত লাভলিনাই হাঁহি হাঁহি কয় যে তেওঁলোকে বিজয় উদযাপন কৰি আছিল। সেই সময়তে বিকৃত মানচিত্ৰখন দেখি তেওঁৰ ভাল লগা নাছিল। সেয়ে তেওঁ ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষক ভদ্ৰভাৱে কথাটো জনাইছিল।
লাভলিনাই জনোৱা মতে, ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই তেওঁৰ কথা মানি লৈছিল আৰু মানচিত্ৰ সলনি কৰাৰ আশ্বাস দিছিল। পিছত সেই অনুসৰিয়েই মানচিত্ৰ সলনি কৰা হয়।
লাভলিনাৰ পদক্ষেপক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
লাভলিনাৰ এই সচেতনতাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিজয় উদযাপনৰ সময়তো দেশৰ মানচিত্ৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাটো সাধাৰণ কথা নহয়।
মোদীৰ মতে, খেল শেষ কৰি বিজয়ৰ আনন্দত ব্যস্ত থকাৰ সময়তো লাভলিনাই দেশৰ মানচিত্ৰৰ বিষয়টো লক্ষ্য কৰি যি পদক্ষেপ গ্ৰহণ কৰিলে, সেয়া বিশেষ তাৎপৰ্যপূৰ্ণ।
তেওঁ লগতে কয় যে লাভলিনাৰ সেই ভিডিঅ’টো সাধাৰণ ভিডিঅ’ নাছিল আৰু এই ঘটনা বহুদিনলৈ মানুহৰ মনত থাকিব।
ভুল স্বীকাৰ কৰিলে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই
সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ পিছত Mister Singh’s India-ই এক বিবৃতি প্ৰকাশ কৰি ভুল মানচিত্ৰ ব্যৱহাৰৰ বাবে ক্ষমা বিচাৰে।
ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে ল’গ’ত ব্যৱহৃত মানচিত্ৰ সলনি কৰি তাৰ ঠাইত ভাৰতৰ সঠিক মানচিত্ৰ ব্যৱহাৰ কৰা হ’ব।
কমনৱেলথ গেমছত ভাৰতীয় বক্সিং দলৰ অসাধাৰণ প্ৰদৰ্শনৰ পিছত তেওঁলোকক সেৱা আগবঢ়াবলৈ পোৱাটো তেওঁলোকৰ বাবে সন্মানৰ বিষয় আছিল বুলিও বিবৃতিটোত উল্লেখ কৰা হয়।
দেশৰ মাটিৰ পৰা বহু দূৰৈত থাকিও ভাৰতৰ মানচিত্ৰৰ বিকৃতি দেখি মাত মাতি অসম কন্যা লাভলিনাই দেখুৱাই দিলে—দেশপ্ৰেম কেৱল পদক জয়ৰ মাজতেই সীমাবদ্ধ নহয়, নিজৰ দেশৰ পৰিচয় আৰু অখণ্ডতাৰ প্ৰতিও সচেতন হোৱাটো সমানেই গুৰুত্বপূৰ্ণ।
