ভাৰত সেৱা ফাউণ্ডেচন আৰু কেয়াৰ ইউ ৩৬৫ৰ উদ্যোগত মানৱীয় পদক্ষেপ

Republic Assam, নাজিৰা: শেহতীয়া বানপানীত বাসগৃহ বিধ্বস্ত হৈ সৰ্বস্ব হেৰুৱাই অসহায় হৈ পৰা নাজিৰা সমজিলাৰ চন্টক-বিহুবৰৰ পাচআলিৰ সমীপৰ দুটা পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰত সেৱা ফাউণ্ডেচন আৰু কেয়াৰ ইউ ৩৬৫ নামৰ দুটা স্বেচ্ছাসেৱী সংগঠনে।

সংগঠন দুটাৰ উদ্যোগত বানপীড়িত পৰিয়াল দুটাৰ বাবে নতুনকৈ দুটা বাসগৃহ নিৰ্মাণ কৰি দিয়া হয়। এই পদক্ষেপৰ জৰিয়তে দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি মানৱীয় দায়িত্বৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে সংগঠন দুটাই।

কেয়াৰ ইউ ৩৬৫ৰ ভৃগু বৰঠাকুৰৰ নেতৃত্বত ৰঞ্জন গোস্বামী, ধৰণী আৰু সুশীল পৰেলে গৃহ নিৰ্মাণ কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়। আনহাতে, ৰিয়াজুদ্দিন আহমেদৰ নেতৃত্বত ভাৰত সেৱা ফাউণ্ডেচনৰ সাধাৰণ সম্পাদক অনন্ত সন্দিকৈ, কোষাধ্যক্ষ ৰকিব আলি (ৰানা), বদৰতদিন আহমেদ, জাহিৰ হামিদ আৰু অবৈতনিক সদস্য মিৰাজউদিন আহমেদে নিৰ্মাণ কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

ইয়াৰ উপৰি, সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতি আৰু ডিমৌ আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকলেও গৃহ নিৰ্মাণত শ্ৰমদান কৰি সহযোগিতা আগবঢ়ায়।

বানপানীত সৰ্বস্ব হেৰুৱাই আশ্ৰয়হীন হৈ পৰা পৰিয়াল দুটাক নতুন বাসগৃহ প্ৰদান কৰাটো সংগঠন দুটাৰ এক উল্লেখযোগ্য সামাজিক পদক্ষেপ হিচাপে বিবেচিত হৈছে।

সংগঠন দুটাৰ কৰ্মকৰ্তাসকলে আগন্তুক দিনতো বানপানীসহ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াই যোৱাৰ সংকল্প প্ৰকাশ কৰে। দুৰ্যোগৰ সময়ত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক একত্ৰিত কৰি অসহায় পৰিয়ালসমূহক সহায় কৰাটো সামূহিক দায়িত্ব বুলিও তেওঁলোকে মত প্ৰকাশ কৰে।

ৰেখামণি মহন্ত, নাজিৰা

Leave a Reply

Your email address will not be published. Required fields are marked *