নাজিৰা, ২২ আগষ্ট: অধিবক্তাসকলৰ মাজত মধ্যস্থতা সম্পৰ্কীয় জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰাৰ উদ্দেশ্যে অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ১৭ আগষ্টৰ পৰা ২১ আগষ্টলৈ গুৱাহাটীৰ খাৰঘূলীস্থিত ডনবস্ক’ শিক্ষানুষ্ঠানত ৪০ ঘণ্টীয়া মধ্যস্থতা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।

উদ্বোধনী অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যকৰী সচিব মাইকেল জুথানখুমা, ন্যায়াধীশ কল্যাণ কুমাৰ সুৰানা, ন্যায়াধীশ নেলছন চাইলু, অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ সদস্য সচিব দেৱাশীষ ভট্টাচাৰ্য আৰু উপ-সচিব দুৰ্বী দত্ত উপস্থিত থাকে।

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মধ্যস্থতা আৰু মীমাংসা প্ৰকল্প সমিতি (MCPC)ৰ অধীনত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত অধিবক্তাসকলক মধ্যস্থতা প্ৰক্ৰিয়াৰ বিভিন্ন দিশৰ বিষয়ে তাত্ত্বিক আৰু ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

বিবাদমান পক্ষসমূহৰ মাজত আলোচনাৰ জৰিয়তে বিবাদ নিষ্পত্তি, পক্ষসমূহৰ বক্তব্য মনোযোগেৰে শুনা, নিৰপেক্ষতা বজাই ৰখা, গোপনীয়তা অক্ষুণ্ণ ৰখা আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমাধানৰ পৰিৱেশ সৃষ্টি কৰাৰ ওপৰত প্ৰশিক্ষণত গুৰুত্ব আৰোপ কৰা হয়।

মধ্যস্থতাৰ জৰিয়তে বিবাদসমূহ দ্ৰুত আৰু শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰাৰ কৌশলৰ লগতে আইনজীৱীসকলৰ পেছাগত দক্ষতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিয়া হয়। এইধৰণৰ প্ৰশিক্ষণে আদালতসমূহৰ গোচৰৰ বোজা হ্ৰাস কৰাৰ লগতে বিকল্প বিবাদ নিষ্পত্তি ব্যৱস্থাক অধিক শক্তিশালী কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে এই প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ আটাইকেইখন জিলাৰ পৰা প্ৰায় ৫০গৰাকী অধিবক্তাই অংশগ্ৰহণ কৰে।

প্ৰতিবেদক: ৰেখামণি মহন্ত, নাজিৰা

Leave a Reply

Your email address will not be published. Required fields are marked *