ডিজিটেল সংবাদ, শুৱালকুছি: বস্ত্ৰনগৰী শুৱালকুছিত অনুষ্ঠিত হ’ল এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান। শুৱালকুছি জাৰ্নেলিষ্ট এছ’চিয়েচনৰ উদ্যোগত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা অসমৰ দুগৰাকী বিশিষ্ট নাৰীক সন্মান জনোৱা হয়।
অনুষ্ঠানত অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী তথা সংগীত নাটক একাডেমী বঁটাপ্ৰাপক চেতনা দাস আৰু বিশ্বখ্যাত ‘গ্ৰীণ অস্কাৰ’ বঁটাৰে সন্মানিত প্ৰকৃতিপ্ৰেমী ড° পূৰ্ণিমা দেৱী বৰ্মনক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰ উপৰি, ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শুৱালকুছি, বামুণদী আৰু বংশৰ পৰীক্ষা কেন্দ্ৰৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰা তিনিগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীকো অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।
একেদৰে, ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত শুৱালকুছি পৰীক্ষা কেন্দ্ৰৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰা তিনিগৰাকী মেধাৱী শিক্ষাৰ্থীক পুৰস্কৃত কৰা হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হাজো-শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস। অনুষ্ঠানটিত সভাপতিত্ব কৰে অধ্যক্ষ ড° নিহাৰ ৰঞ্জন কলিতাই।
বিশিষ্ট ব্যক্তি আৰু কৃতি শিক্ষাৰ্থীসকলক একেখন মঞ্চত সন্মান জনোৱা এই বিশেষ অনুষ্ঠানটোৱে শুৱালকুছিৰ সামাজিক, সাংস্কৃতিক আৰু শিক্ষাক্ষেত্ৰলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনে।
