৫ ছেপ্টেম্বৰত সাক্ষ্য-প্ৰমাণ দাখিলৰ সুযোগ

REPUBLIC ASSAM | নাজিৰা, ১ ছেপ্টেম্বৰ:
মানস জ্যোতি চেতিয়াৰ মৃত্যুক কেন্দ্ৰ কৰি শিৱসাগৰ জিলা প্ৰশাসনে দণ্ডাধীশীয় তদন্তৰ নিৰ্দেশ দিছে। শিৱসাগৰ জিলা আয়ুক্তৰ ২৬ আগষ্ট, ২০২৬ তাৰিখৰ নিৰ্দেশ অনুসৰি নাজিৰা সমজিলা প্ৰশাসনৰ অতিৰিক্ত জিলা দণ্ডাধীশক তদন্ত বিষয়া হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে।

উল্লেখ্য যে, প্ৰয়াত মানস জ্যোতি চেতিয়াৰ ২৫ আগষ্ট, ২০২৬ তাৰিখে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। তেওঁৰ মৃত্যুৰ সৈতে জড়িত সমগ্ৰ বিষয়টো দণ্ডাধীশীয় তদন্তৰ আওতালৈ অনা হৈছে।

ইফালে, নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ৩১ আগষ্টত জাৰি কৰা ৰাজহুৱা জাননীত জনোৱা হৈছে যে, ঘটনাটোৰ সৈতে জড়িত কোনো ব্যক্তি বা ব্যক্তিৰ গোটে তদন্ত বিষয়াৰ সন্মুখত নিজৰ বক্তব্য, সাক্ষ্য অথবা প্ৰাসংগিক নথি-পত্ৰ তথা প্ৰমাণ দাখিল কৰিব পাৰিব।

জাননী অনুসৰি, ৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ কক্ষ নং ২০৪-ত বক্তব্য, সাক্ষ্য আৰু প্ৰমাণ গ্ৰহণ কৰা হ’ব।

ঘটনাটোৰ সৈতে জড়িত কোনো ব্যক্তি বা পক্ষৰ হাতত থকা প্ৰাসংগিক তথ্য-প্ৰমাণ তদন্তৰ স্বাৰ্থত নিৰ্ধাৰিত সময়ত দাখিল কৰিবলৈ প্ৰশাসনে সুযোগ প্ৰদান কৰিছে।

ৰেখামণি মহন্ত | নাজিৰা

Leave a Reply

Your email address will not be published. Required fields are marked *