
ডিয়ে তিৰুৱনন্তপুৰমত বিজয়নৰ নতুন ভাড়াঘৰতো তালাচী চলায়। এই ঘৰটোত সম্প্ৰতি থাকিবলৈ লৈছিল কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ ভাড়াঘৰত ইডিৰ অভিযান। বুধবাৰে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে কেৰালাৰ কেইবাটাও স্থানত তালাচী চলায়। কোচিন মিনাৰেলছ আৰু ৰুটাইল লিমিটেড সংক্ৰান্তীয় এক গোচৰক কেন্দ্ৰ কৰি কেতবোৰ ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ স্থানত অভিযান চলাইছিল ইডিয়ে। এই গোচৰটো মূলতঃ বিজয়নৰ কন্যা বীণা থাইকাণ্ডিয়িলৰ প্ৰতিষ্ঠান এক্সাল’জিক ছলিউচনছ প্ৰাইভেট লিমিটেডৰ বিত্তীয় লেনকেনক কেন্দ্ৰ কৰি। যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত চলাইছে।
সূত্ৰৰ খবৰ, ইডিয়ে তিৰুৱনন্তপুৰমত বিজয়নৰ নতুন ভাড়াঘৰতো তালাচী চলায়। এই ঘৰটোত সম্প্ৰতি থাকিবলৈ লৈছিল কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ঘৰটোতেই থাকে বিজয়নৰ কন্যা বীণা থাইকাণ্ডিয়িলো। তদন্তৰ কেন্দ্ৰবিন্দুত আছে তেওঁৰ মালিকানাধীন আইটি সংস্থা এক্সাল’জিক ছলিউচন।
