গুৱাহাটী, ২২ আগষ্ট: মেঘালয়ত অসমৰ বাণিজ্যিক বাহন আৰু চালকৰ ওপৰত সংঘটিত বুলি অভিযোগ উঠা অত্যাচাৰৰ প্ৰতিবাদত অসমৰ কেব চালক সন্থাই যোৰাবাটত আৰম্ভ কৰা অনিৰ্দিষ্টকালীন পথ অৱৰোধ আজি তৃতীয় দিনাও অব্যাহত ৰাখিছে। প্ৰতিবাদৰ ফলত অসম-মেঘালয় সংযোগী যাতায়াত ব্যৱস্থা যথেষ্ট প্ৰভাৱিত হৈছে।
যোৰাবাটত পথ অৱৰোধ কৰাৰ লগতে মেঘালয়লৈ যাব পৰা বিকল্প পথসমূহতো চালক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে। শুকুৰবাৰে নিশা ৰাণী অঞ্চলৰ বিকল্প পথেৰে মেঘালয়লৈ যোৱাৰ চেষ্টা কৰা মেঘালয়ৰ নম্বৰপ্লেটযুক্ত কেইবাখনো বাহনক স্থানীয় ৰাইজ আৰু চালকসকলে বাধা প্ৰদান কৰি উভতাই পঠিওৱাৰ অভিযোগ উত্থাপন হৈছে।
ইফালে, অসমৰ পৰা ইন্ধনবাহী বাহন মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰাত ৰাজ্যখনত ইন্ধনৰ যোগান ব্যাহত হোৱাৰ আশংকা বৃদ্ধি পাইছে। শুকুৰবাৰে নিশা শ্বিলঙৰ বিভিন্ন পেট্ৰ’ল পাম্পত ইন্ধন ক্ৰয়ৰ বাবে গ্ৰাহকৰ দীঘলীয়া শাৰী দেখা যায়। ইন্ধনৰ নাটনি হোৱাৰ আশংকাত বহু লোকে পেট্ৰ’ল-ডিজেল মজুত কৰিবলৈ চেষ্টা কৰাত শ্বিলঙৰ কেইবাটাও অঞ্চলত নিশাৰ ভাগত যানজঁটৰ সৃষ্টি হয়।
আজি কইনাধৰাত উচ্চস্তৰীয় বৈঠক
অসম-মেঘালয় সীমান্তত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ আৰু সমস্যা সমাধানৰ লক্ষ্যৰে আজি পুৱা ১১.৩০ বজাত গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত এখন জৰুৰী উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ’ব।
বৈঠকত অসম চৰকাৰৰ হৈ সীমান্ত সুৰক্ষা তথা উন্নয়ন মন্ত্ৰী অতুল বৰাই নেতৃত্ব দিব। আনহাতে, মেঘালয় চৰকাৰৰ হৈ উপ-মুখ্যমন্ত্ৰী এছ ধৰে অংশগ্ৰহণ কৰিব।
দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ লগতে গৃহ আৰু পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াসকলো বৈঠকত উপস্থিত থাকিব। আন্তঃৰাজ্যিক বাহনৰ চলাচল, চালকসকলৰ সুৰক্ষা আৰু সীমান্তৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ ক্ষেত্ৰত বৈঠকখনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে।
বৰ্তমান সকলোৰে দৃষ্টি আজি অনুষ্ঠিত হ’বলগীয়া এই উচ্চস্তৰীয় বৈঠকৰ সিদ্ধান্তৰ ওপৰত। সীমান্তত সৃষ্টি হোৱা উত্তেজনা কেতিয়া শাম কাটে আৰু অসম-মেঘালয়ৰ মাজত যান-বাহনৰ চলাচল কেতিয়া স্বাভাৱিক হয়, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।
