গুৱাহাটী, ১৫ আগষ্ট: গুৱাহাটীৰ খানাপাৰাত ৮০সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে বাল্য বিবাহ, বহু বিবাহ, স্বাস্থ্য আৰু সামাজিক সংস্কাৰৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত চৰকাৰৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে।

দ্বিতীয় বিবাহৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীক সতৰ্কবাণী

বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় পত্নীৰ সৈতে সংসাৰ কৰা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় পত্নীৰ সৈতে সংসাৰ কৰা বা সম্পৰ্ক ৰখাৰ অভিযোগ প্ৰমাণিত হ’লে সংশ্লিষ্ট চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ ২০ শতাংশ কৰ্তন কৰি সেই ধন প্ৰথম পত্নীৰ বেংক একাউণ্টত জমা দিয়াৰ বাবে আইন বিধানসভাত অনাৰ চেষ্টা কৰা হ’ব।

এই ক্ষেত্ৰত বিধানসভাত আইন প্ৰণয়নৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে।

বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অভিযান

ভাষণত বাল্য বিবাহৰ প্ৰসংগও উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে ১ নৱেম্বৰৰ পৰা অসম আৰক্ষীয়ে পুনৰ এমাহজোৰা বাল্য বিবাহবিৰোধী অভিযান চলাব। অভিযানত কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

অসম চৰকাৰে বাল্য বিবাহ আৰু বহু বিবাহৰ বিৰুদ্ধে ইতিমধ্যে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। স্বাধীনতা দিৱসৰ ভাষণতো এই বিষয় দুটাক বিশেষ গুৰুত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

১৮ বছৰৰ তলৰ শিশুৰ চিকিৎসা বিনামূলীয়া কৰাৰ ঘোষণা

স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰতো কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১৮ বছৰৰ তলৰ শিশুৰ চিকিৎসা বিনামূলীয়া কৰাৰ পৰিকল্পনাৰ কথা ভাষণত উল্লেখ কৰে তেওঁ।

লগতে শিশুৰ ক্ষেত্ৰত ৫০টাতকৈ অধিক জটিল ৰোগ চিনাক্তকৰণৰ ব্যৱস্থা গ্ৰহণৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে।

স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীৰ এই ঘোষণাসমূহে ৰাজ্যৰ সামাজিক আৰু স্বাস্থ্যখণ্ডত নতুন নীতিৰ ইংগিত দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *