১৭ আগষ্ট: চৰকাৰী কৰ্মচাৰীৰ পদোন্নতি আৰু নতুন নিযুক্তিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ২০২৬ চনত ৰাজ্যত নতুন নিযুক্তি প্ৰক্ৰিয়া নহ’ব। ইয়াৰ পৰিৱৰ্তে প্ৰথমে চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰয়োজনীয় পদোন্নতি সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “এইবাৰ নিযুক্তি প্ৰক্ৰিয়া কিছু পলম হ’ব। ২০২৬ত নতুন নিযুক্তি নহয়। তাৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ পদোন্নতিৰ কাম কৰিব চৰকাৰে। কাৰণ পদোন্নতি হ’লেহে সৃষ্টি হ’ব নতুন পদ।
তেওঁ লগতে কয় যে ২০২৬ চনত বিভিন্ন বিভাগত খালী পদ চিনাক্ত কৰাৰ লগতে প্ৰয়োজনীয় পদোন্নতিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব। পদোন্নতি সম্পূৰ্ণ হোৱাৰ পিছত বহু নতুন পদ খালী হ’ব আৰু সেই পদসমূহৰ ভিত্তিত পৰৱৰ্তী সময়ত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।
মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, ২০২৭ চনতহে নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ, প্ৰথমে চৰকাৰী কৰ্মচাৰীসকলৰ পদোন্নতি সম্পূৰ্ণ কৰি খালী হোৱা পদসমূহ চিনাক্ত কৰা হ’ব আৰু তাৰ পিছত নতুন নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আগবঢ়োৱা হ’ব।
ৰাজ্যত মুকলি হ’ব নতুন ‘Youth Welfare & Empowerment’ বিভাগ
ইফালে সংবাদমেলত ৰাজ্য চৰকাৰে নতুন ‘Youth Welfare & Empowerment’ বিভাগ মুকলি কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি, এই নতুন বিভাগৰ অধীনলৈ যুৱ আয়োগ, NCC, নিয়োগ আৰু দক্ষতা বিকাশকে ধৰি যুৱসমাজৰ সৈতে জড়িত বিভিন্ন বিষয় সামৰি লোৱা হ’ব।
অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজ্যত নতুন বিভাগটো আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
নতুন বিভাগটোৰ জৰিয়তে ৰাজ্যৰ যুৱসমাজৰ কল্যাণ, নিয়োগ, দক্ষতা বিকাশ আৰু সৱলীকৰণৰ ক্ষেত্ৰত অধিক সমন্বিতভাৱে কাম কৰাৰ লক্ষ্য লোৱা হৈছে।
