ভাৰতীয় দন্ত চিকিৎসক সন্থা, তিনিচুকীয়া শাখাৰ উদ্যোগত তথা দৈমুখীয়া (ৰ’জবেৰী) চাহ বাগিচাৰ সহযোগত যোৱা ২৭ মে’ত বাগিচাখনৰ চিকিৎসালয়ত এটি বিনামূলীয়া দন্ত চিকিৎসা শিবিৰ আৰু সজাগতা অনুষ্ঠান সম্পন্ন হয়।
এই চিকিৎসা শিবিৰত ডাঃ নিকিতা শইকীয়া, ডাঃ মালবিকা বেজ শর্মা, ডাঃ ইস্মিতা জৈন, ডাঃ পায়েল ঘোষ আৰু ডাঃ গায়ত্রী গুপ্তাই বাগিচাখনৰ ৭১গৰাকী দাঁতৰ সমস্যা থকা ব্যক্তিক চিকিৎসা প্ৰদান কৰে।
আনহাতে, এই চিকিৎসা শিবিৰৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সজাগতা সভাখনত ডুমডুমাৰ দন্ত চিকিৎসক নিকিতা শইকীয়াই উপস্থিত শ্রমিক-ৰাইজক দাঁতৰ যত্ন কিয় ল’ব লাগে, দাঁতৰ কৰ্কট ৰোগৰ পৰা হাত হাৰি থাকিবলৈ কি কি কৰা উচিত, ইত্যাদি বিষয় সমূহৰ ওপৰত বিভিন্ন দিহা-পৰামৰ্শ প্ৰদান কৰি বক্তব্য আগবঢ়াই সজাগ কৰে।
বাগিচাৰ জ্যেষ্ঠ পৰিচালক বৈকুণ্ঠ শইকীয়াৰ পূৰ্ণ সহযোগিতাত আৰু কল্যাণ বিষয়াগৰাকীৰ লগতে বাগিচাৰ চিকিৎসা বিভাগৰ কৰ্মচাৰীবৃন্দৰ উপস্থিতিত এই চিকিৎসা শিবিৰটো অনুষ্ঠিত হয়।
উল্লেখযোগ্য যে সাধাৰণতে চাহ বাগিচাৰ শ্ৰমিকসকলে দাঁতৰ যত্ন লোৱাৰ ক্ষেত্ৰত ইমান সজাগ-সচেতন নহয় বাবে ভাৰতীয় দন্ত চিকিৎসক সন্থাই এনেদৰে বাগিচা অঞ্চলত এই সজাগতা আৰু বিনামূলীয়া দন্ত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আহিছে।
