​মাত্ৰ এজাক বৰষুণ আৰু তাৰ পাছতেই হাহাকাৰ পৰিস্থিতি! ডিব্ৰুগড়ৰ নতুন নিৰ্মালী গাঁও কুঁহিয়াৰবাৰী অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানে এতিয়া জুৰুলা কৰিছে স্থানীয় ৰাইজক।

এজাক বৰষুণ দিলেই অঞ্চলটোৰ মূল যাতায়তৰ পথছোৱা একাঠু পানীৰে জলমগ্ন হৈ পৰে, যাৰ ফলত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন। প্ৰতিদিনাই এই জলমগ্ন পথেৰেই চলাচল কৰিবলগীয়া হৈছে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়ালৰ লগতে সাধাৰণ পথচাৰীয়ে। আনকি জৰুৰীকালীন অৱস্থাত চিকিৎসালয়লৈ যাবলগীয়া ৰোগীসকলো চৰম যাতনাৰ বলি হ’বলগীয়া হৈছে। কেৱল যাতায়তৰ সমস্যাই নহয়, পথৰ ওপৰত জমা হোৱা আৱৰ্জনা মিশ্ৰিত দুৰ্গন্ধময় পানীৰ বাবে এতিয়া অঞ্চলটোত গুৰুতৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰো তীব্ৰ আশংকা প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে।


​উল্লেখ্য যে পথছোৱাৰ নিৰ্মাণ কাৰ্যত হোৱা চৰম বিসংগতিৰ বাবেই এনে দুৰৱস্থাৰ সৃষ্টি হৈছে। ঠিকাদাৰে পথটোৰ দ’ ঠাইখিনি মাটি, শিল-বালিৰে সমান নকৰাকৈয়ে পকীকৰণ কৰাৰ কু-পৰিণাম এতিয়া ভোগ কৰিবলগীয়া হৈছে। এই জ্বলন্ত সমস্যা সন্দৰ্ভত স্থানীয় বিধায়ক আৰু ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰক বাৰম্বাৰ অনুৰোধ জনোৱা হৈছে যদিও জমা হোৱা পানীভাগ উলিয়াই নিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত উপায়হীন হৈ পৰিছে অঞ্চলবাসী।

এনেকৈ থাকিলে আগন্তুক বাৰিষা কালত পৰিস্থিতি অধিক ভয়াৱহ আৰু বিষম হৈ পৰিব। গতিকে, আবদ্ধ পানীভাগ নিষ্কাষণৰ বাবে প্ৰশাসনে যাতে অতি শীঘ্ৰে এটা বিজ্ঞানসন্মত নলা নিৰ্মাণ কৰে, তাৰ বাবে ৰাইজে সজোৰে দাবী উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *