অসমৰ বানবিধ্বস্ত নেপালীখুঁটি অঞ্চল আজি পৰিদৰ্শন কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই। তেওঁৰ সৈতে উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। দুয়োগৰাকী নেতাই বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি স্থানীয় বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰে আৰু সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়।
পৰিদৰ্শনৰ পিছত জে পি নাড্ডাই কয় যে নেপালীখুঁটিত দেখা বিধ্বস্ত পৰিৱেশ অত্যন্ত হৃদয়বিদাৰক। তেওঁৰ ভাষাত, প্ৰলয়ংকৰী বানে অঞ্চলটোত অকল্পনীয় ক্ষতি সাধন কৰিছে। নাগালেণ্ডৰ মন জিলাৰ দিশৰ পৰা নামি অহা নদীৰ প্ৰবল সোঁতে বহু গাঁও জলমগ্ন হৈ পৰে আৰু অসংখ্য পৰিয়াল বিপদৰ সন্মুখীন হয়।
জে পি নাড্ডাই জানিবলৈ দিয়ে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই তেওঁক বান পৰিস্থিতিৰ বুজ ল’বলৈ অসমলৈ প্ৰেৰণ কৰিছে। তেওঁ কয়, ক্ষয়-ক্ষতিৰ পৰিমাণ যথেষ্ট বেছি আৰু স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ কিছু সময় লাগিব। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আৰ্থিক সহায়ৰ লগতে পুনৰ সংস্থাপনৰ ক্ষেত্ৰতো সকলো ধৰণৰ সহযোগিতা আগবঢ়াব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিশদ আলোচনা কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।
ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নেপালীখুঁটিৰ গোপালক পৰিয়ালসমূহক আশ্বাস দিয়ে যে বানত যিসকলৰ গৰু-গাই মৃত্যু হৈছে, সেই ক্ষতি পূৰণৰ বাবে চৰকাৰৰ ফালৰ পৰা সমসংখ্যক গৰু যোগান ধৰাৰ ব্যৱস্থা কৰা হ’ব। উল্লেখ্য যে, নেপালীখুঁটিৰ অধিকাংশ পৰিয়াল গোপালনৰ ওপৰত নিৰ্ভৰশীল আৰু এই ভয়াবহ বানত হাজাৰ হাজাৰ গৰু মৃত্যুমুখত পৰে।
নেপালীখুঁটিত বান পৰিস্থিতি পৰ্যবেক্ষণৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা নাগালেণ্ডৰ মন জিলালৈ ৰাওনা হয়। তাতো তেওঁ বানবিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে সাক্ষাৎ কৰাৰ কাৰ্যসূচী আছে।
