ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসম চৰকাৰৰ বিত্ত (অডিট এণ্ড ফাণ্ড) বিভাগে। ‘আপোন বাহন’ আঁচনিৰ ক্ষেত্ৰত নতুন অধিসূচনা জাৰি কৰি চৰকাৰে আঁচনিখনৰ পৰিসৰ অধিক সম্প্ৰসাৰিত কৰিছে।

নতুন অধিসূচনা অনুসৰি, নিৰ্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰাম্য বেংক (Regional Rural Banks) আৰু অসম সমবায় এপেক্স বেংকৰ পৰা বাহন ঋণ গ্ৰহণ কৰা যোগ্য কৰ্মচাৰীসকলে চৰকাৰৰ সুতৰ ৰেহাই (Interest Subsidy) লাভ কৰিব।

কোনসকল কৰ্মচাৰীয়ে লাভ কৰিব সুবিধা?

নতুন ব্যৱস্থাৰ অধীনত এতিয়াৰে পৰা তলত উল্লেখিত সংস্থাৰ কৰ্মচাৰীসকলেও ‘আপোন বাহন’ আঁচনিৰ সুবিধা লাভ কৰিব—

  • National Health Mission (NHM)
  • সমগ্ৰ শিক্ষা অসম (Samagra Shiksha Assam)
  • Assam Power Generation Corporation Limited (APGCL)
  • Assam Power Distribution Company Limited (APDCL)
  • Assam Electricity Grid Corporation Limited (AEGCL)

ইয়াৰ পূৰ্বে কেৱল ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীসকলেহে এই আঁচনিৰ সুবিধা লাভ কৰিছিল।

২০৩১ চনলৈকে বলবৎ থাকিব আঁচনি

নতুন অধিসূচনাত উল্লেখ কৰা অনুসৰি, ‘আপোন বাহন’ আঁচনিখন ২০৩১ চনৰ ৩১ মাৰ্চ পৰ্যন্ত কাৰ্যক্ষম হৈ থাকিব।

চৰকাৰৰ এই সিদ্ধান্তৰ মূল উদ্দেশ্য হৈছে কৰ্মচাৰীসকলৰ বাবে বাহন ক্ৰয় অধিক সহজ কৰি তোলা, ঋণৰ সুতৰ বোজা হ্ৰাস কৰা আৰু অধিক সংখ্যক যোগ্য কৰ্মচাৰীলৈ আঁচনিখনৰ সুবিধা সম্প্ৰসাৰণ কৰা।

Republic Assam News

Leave a Reply

Your email address will not be published. Required fields are marked *