বটদ্ৰৱা: পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোত হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে বটদ্ৰৱা থান। পুৱাৰে পৰা ভকত-বৈষ্ণৱৰ সমাগমত থান চৌহদত সৃষ্টি হৈছে এক গভীৰ আধ্যাত্মিক পৰিৱেশ। খোল-তালৰ মংগলধ্বনি আৰু নাম-কীৰ্তনেৰে মুখৰিত হৈছে সত্ৰনগৰী বটদ্ৰৱা।

অসমীয়া সমাজ-জীৱন আৰু বৈষ্ণৱ ধৰ্মীয় পৰম্পৰাত ভাদ মাহৰ বিশেষ গুৰুত্ব আছে। এই পবিত্ৰ মাহটোত ৰাজ্যৰ বিভিন্ন সত্ৰ, নামঘৰ আৰু ধৰ্মীয় অনুষ্ঠানত মাহজোৰা নাম-কীৰ্তন আৰু বিভিন্ন ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হয়।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানতো পৰম্পৰা অনুসৰি আৰম্ভ হৈছে ভাদ মাহৰ বিশেষ কাৰ্যসূচী। থানৰ শ’লগুৰি আৰু নৰোৱা সত্ৰৰ যৌথ উদ্যোগত ভাদ মাহজুৰি অনুষ্ঠিত হ’ব বিভিন্ন প্ৰসংগ।

পুৱতি নিশাৰ ‘তাল কোবোৱা’ প্ৰসংগৰ পৰা আৰম্ভ কৰি মাজনিশাৰ ‘শেষপাল’ প্ৰসংগলৈকে ওঠৰ প্ৰসংগ অনুষ্ঠিত হ’ব। ভক্তসকলৰ নাম-কীৰ্তন আৰু হৰি নামৰ ধ্বনিৰে মাহজুৰি মুখৰিত হৈ থাকিব বটদ্ৰৱা থানৰ পৰিৱেশ।

ভক্তৰ ভিৰ বটদ্ৰৱা থানত

পহিলা ভাদ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বটদ্ৰৱা থানলৈ আহিছে বহু ভকত-বৈষ্ণৱ। আই-মাতৃৰ উপস্থিতিতো থানত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ। পুৱাৰে পৰা নাম-কীৰ্তন আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠানত অংশ লৈছে ভক্তসকলে।

ভক্তসকলৰ বাবে থান পৰিচালনা সমিতিৰ বিশেষ ব্যৱস্থা

ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে কেইবাটাও বিশেষ ব্যৱস্থা। ভক্তসকলৰ বাবে বিশুদ্ধ খোৱাপানী, মহাপ্ৰসাদ বিতৰণ, অতিথিশালা আৰু জিৰণিৰ ব্যৱস্থা কৰা হৈছে। একেদৰে যান-বাহন নিয়ন্ত্ৰণ, পাৰ্কিং আৰু নিৰাপত্তাৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

মাহজুৰি চলিব ধৰ্মীয় অনুষ্ঠান

ভাদ মাহজুৰি বটদ্ৰৱা থানত অনুষ্ঠিত হ’ব বিভিন্ন ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যসূচী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিকে ধৰি পৰম্পৰাগত অনুষ্ঠানসমূহো যথাযথভাৱে পালন কৰা হ’ব।

পহিলা ভাদৰ পুৱাৰে পৰা বটদ্ৰৱা থানত আৰম্ভ হোৱা এই ভক্তিৰ পৰিৱেশে পুনৰ এবাৰ প্ৰতিফলিত কৰিছে অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সত্ৰীয়া পৰম্পৰাৰ গভীৰ শিপা।

Leave a Reply

Your email address will not be published. Required fields are marked *