নাজিৰা, ১৯ আগষ্ট: শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত পৰিয়াললৈ বৃহৎ আৰ্থিক সকাহ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি চাৰিওখন জিলাৰ মুঠ ৩১,৯৫১টা পৰিয়াললৈ ১৫ হাজাৰ টকাকৈ অন্তৱৰ্তীকালীন বান সাহায্য মুকলি কৰে।
লোকসেৱা ভৱনত অনুষ্ঠিত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে পোনপটীয়া লাভালাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে মুঠ ৪৭.৯৩ কোটি টকা বানপীড়িত পৰিয়ালসমূহৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰে।
ইয়াৰে শিৱসাগৰৰ ২২,৬৫৭টা, চৰাইদেউৰ ৬,০২৮টা, যোৰহাটৰ ২,৩২৪টা আৰু গোলাঘাটৰ ৯৪২টা পৰিয়াল উপকৃত হ’ব।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৪ আগষ্টত এই চাৰিখন জিলাৰ ৬৪,৮৯১টা বানপীড়িত পৰিয়াললৈ ১৫ হাজাৰ টকাকৈ মুঠ ৯৭.৩৪ কোটি টকা ডিবিটিৰ জৰিয়তে হস্তান্তৰ কৰা হৈছিল। ইয়াৰ লগতে ‘অৰুণোদয়’ আঁচনিৰ অধীনতো সংশ্লিষ্ট হিতাধিকাৰীসকললৈ ২,৫০০ টকাকৈ ধন মুকলি কৰা হৈছিল।
আজিৰ সাহায্যকে ধৰি ৰাজ্য চৰকাৰে বৰ্তমানলৈকে মুঠ ৯৬,৮৪২টা বানপীড়িত পৰিয়াললৈ ১৪৬.২৬ কোটি টকা আৰ্থিক সাহায্য প্ৰদান কৰিছে।
ক্ষয়-ক্ষতিৰ জৰীপ অব্যাহত
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে বানত হোৱা ক্ষয়-ক্ষতিৰ সঠিক তথ্য সংগ্ৰহৰ বাবে জৰীপ অব্যাহত আছে। এই জৰীপৰ কামত ১,১৪৪গৰাকী শিক্ষক নিয়োজিত কৰা হৈছে।
বৰ্তমানলৈকে জিলা চাৰিখনৰ পৰা ২,৬৮১টা গৃহ, ১৮,৮৮৭টা গোহালি, প্ৰায় ৪১ হাজাৰ হস্ততাঁতৰ সামগ্ৰী আৰু ৫.৯৮ লাখৰো অধিক পশুধনৰ ক্ষয়-ক্ষতিৰ তথ্য লাভ কৰা হৈছে। আনহাতে, কৃষিখণ্ডত ৯৯,২৫৬গৰাকী কৃষকৰ শস্য নষ্ট হোৱাৰ তথ্যও লাভ কৰা হৈছে।
মুখ্যমন্ত্ৰীৰ মতে, চলিত জৰীপ আগষ্ট মাহৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। জৰীপৰ তথ্য বানপীড়িত লোকসকলে জানিব পৰাকৈ ৱেবছাইটযোগে প্ৰকাশ কৰা হ’ব।
ইয়াৰ পিছত বানপীড়িত লোকৰ ওজৰ-আপত্তিৰ ভিত্তিত ছেপ্টেম্বৰৰ আৰম্ভণিৰ পৰা ১০-১১ ছেপ্টেম্বৰলৈ দ্বিতীয় পৰ্যায়ৰ জৰীপ চলোৱা হ’ব। ১৫ ছেপ্টেম্বৰৰ ভিতৰত ক্ষয়-ক্ষতিৰ চূড়ান্ত তালিকা প্ৰকাশৰ লক্ষ্য লোৱা হৈছে।
নৱেম্বৰৰ ভিতৰত ক্ষতিগ্ৰস্তলৈ সাহায্যৰ লক্ষ্য
মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানলৈকে প্ৰায় ৪৮০ কোটি টকাৰ ক্ষয়-ক্ষতিৰ তথ্য লাভ কৰা হৈছে। দ্ৰুত জৰীপৰ ভিত্তিত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ নৱেম্বৰ মাহৰ ভিতৰত আৰ্থিক সাহায্য ডিবিটিৰ জৰিয়তে প্ৰেৰণ কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে।
বানত ক্ষতিগ্ৰস্ত আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যোগ্য হিতাধিকাৰীসকলৰ বাবে গৃহ নিৰ্মাণৰ ক্ষেত্ৰতো চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বানত ক্ষতিগ্ৰস্ত বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ আৰু নামঘৰসমূহ মেৰামতিৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ইফালে, বানত নিহত লোকৰ আত্মীয়লৈ ৯ লাখ টকাৰ সাহায্য প্ৰদানৰ প্ৰক্ৰিয়াও অব্যাহত আছে। বেংকৰ ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত আগবঢ়োৱা সকাহ ইতিমধ্যে ১,৭১২গৰাকী বানপীড়িত লোকে গ্ৰহণ কৰিছে। এই সুবিধাৰ বাবে ৩১ আগষ্টলৈকে আবেদন কৰিব পাৰিব।
আনহাতে, বানত ক্ষতিগ্ৰস্ত লোকৰ বীমাৰ দাবী নিষ্পত্তিৰ বাবে বৰ্তমানলৈকে ১,৫৯৮গৰাকী লোকে আবেদন কৰিছে আৰু ইয়াৰে ১৭০টা দাবী নিষ্পত্তি কৰা হৈছে।
প্ৰতিবেদক: ৰেখামণি মহন্ত
