অসমৰ বানাক্ৰান্ত লোকসকলৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা ১৫ হাজাৰ টকাৰ বান সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ ৰখা হৈছে। সাহায্য প্ৰদানৰ ক্ষেত্ৰত বিসংগতিৰ অভিযোগ পোহৰলৈ অহাৰ পিছতে সমগ্ৰ প্ৰক্ৰিয়াটো পৰ্যালোচনা কৰা হৈছে বুলি জানিবলৈ দিছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।

মন্ত্ৰীগৰাকীয়ে বান সাহায্য প্ৰদানত বিসংগতি সংঘটিত হোৱাৰ কথা স্বীকাৰ কৰি কয় যে, ভুৱা হিতাধিকাৰীয়ে যাতে সাহায্যৰ ধন লাভ কৰিব নোৱাৰে, তাৰ বাবে আধাৰ সংযোগৰ জৰিয়তে ধন প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।

অনিয়ম কৰা কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা

বানত ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত কোনো গাঁও প্ৰধান, মণ্ডল বা চৰকাৰী কৰ্মচাৰীয়ে অনিয়ম সংঘটিত কৰিলে তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী কেশৱ মহন্তই।

তেওঁ কয় যে, প্ৰকৃত বানাক্ৰান্ত লোকসকল যাতে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত নহয়, সেই বিষয়টো নিশ্চিত কৰাত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে।

নাগালেণ্ডৰ পৰা অহা পানীয়ে সৃষ্টি কৰা বান পৰিস্থিতিৰ তদন্ত

নাগালেণ্ডৰ পৰা বৈ অহা বাঢ়নী পানীয়ে অসমৰ কেইবাখনো জিলাত সৃষ্টি কৰা ভয়ংকৰ বান পৰিস্থিতি সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

কেশৱ মহন্তই জানিবলৈ দিয়ে যে, বিষয়টো পৰীক্ষা কৰিবলৈ উচ্চস্তৰীয় দলে তদন্ত অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা দলটোত বিষয়সমূহ বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰিবলৈ এগৰাকী বিজ্ঞানীও আছিল বুলি তেওঁ উল্লেখ কৰে।

নাজিৰা-চৰাইদেউত পলসৰ নমুনা পৰীক্ষা

ইফালে, নাজিৰা আৰু চৰাইদেউ জিলাত বানপানীয়ে কঢ়িয়াই অনা পলসৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

চাহ বাগিচাৰ ক্ষয়-ক্ষতিৰ ওপৰতো চৰকাৰৰ নজৰ

বানপানীৰ ফলত চাহ বাগিচা অঞ্চলসমূহত হোৱা ক্ষয়-ক্ষতি সন্দৰ্ভত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে, চাহ বাগিচা অঞ্চলত বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ ওপৰত মুখ্যমন্ত্ৰীৰ তদাৰকত শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

নাজিৰাত পুনৰ্নিৰ্মাণত অধিক গুৰুত্ব দিয়াৰ আহ্বান বিধায়কৰ

আনহাতে, নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইয়ে বানত ক্ষতিগ্ৰস্ত নেপালীখুটি গাঁওখন নতুন ৰূপত নিৰ্মাণ কৰাৰ পৰিকল্পনা সন্দৰ্ভত জানিবলৈ দিয়ে।

বিধায়কগৰাকীয়ে কয় যে, নাজিৰাৰ বানাক্ৰান্ত ৰাইজে অসমবাসী তথা চৰকাৰৰ পৰা ইতিমধ্যে যথেষ্ট সহায় লাভ কৰিছে। কিন্তু একাংশ বানত ক্ষতিগ্ৰস্ত নোহোৱা লোকে কৌশলেৰে বান সাহায্য সংগ্ৰহ কৰি থকাৰ অভিযোগো উত্থাপন কৰে তেওঁ।

সেয়ে নাজিৰাত পুনৰ ধন সংগ্ৰহ কৰি বান সাহায্য প্ৰদান নকৰিবলৈ ৰাইজক আহ্বান জনায় বিধায়ক ময়ূৰ বৰগোহাঁইয়ে।

বিধায়কগৰাকীৰ মতে, নাজিৰাত প্ৰায় ২,০০০টা বাসগৃহ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত তথা ধ্বংস হৈছে। সেয়েহে বৰ্তমান আটাইতকৈ অধিক গুৰুত্ব ক্ষতিগ্ৰস্ত ঘৰসমূহ পুনৰ নিৰ্মাণৰ ওপৰত দিয়াৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰে তেওঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *