👉 গুৱাহাটী ৰপনগৰস্থিত মূলৰ নামঘৰ—- শঙ্কৰী সংস্কৃতি কেন্দ্ৰত– শ্রীমন্ত শংকৰদেৱ সংঘ, প্ৰচাৰ শাখাৰ গুৰুত্বপূৰ্প জিলা প্ৰচাৰ শাখা সভাপতি- সম্পাদকৰ সন্মিলন খনি বৃহস্পতিবাৰে প্ৰচাৰ শাখাৰ ভাৰপ্ৰাপ্তৰ সভাপতি যোগেশ লৰিং ৰ সভাপতিত্ব অনুষ্ঠিত হৈ যায়। সন্মিলনত – শ্ৰীমন্ত শংকৰদেৱ সংঘৰ – ক্ৰমে- শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লক্ষীমপুৰ, ধেমাজী, নগাঁও, গুৱাহাটী , নলবাৰী,বঙাইগাওঁকে ধৰি প্ৰায় ৩০ খনতকৈ অধিক জিলা শাখাৰ -সভাপতি- সম্পাদকে অংশ গ্ৰহণ কৰে।

শ্রীমন্ত শংকৰদেৱ সংঘৰ পধাধিকা ড° ভৱেন্দ্ৰ নাথ ডেকা বাপে অনুপ্ৰেৰণা মূলক বক্তব্য প্ৰদান কৰে। গুৰু ধৰ্ম পালনত সহায় হোৱাকৈ আগন্তুক দিনত শৃংখলাবদ্ধভাৱে কাৰ্যসূচী সমূহ আগবঢ়াই নিয়া ক্ষেত্ৰত সহজ কলিবলৈ প্ৰচাৰ শাখাৰ সম্পাদক, ৰণ্টু খনিকৰ বাপে – ২০২৬-২৭ বৰ্ষৰ বাবে কৰ্ম-আঁচনি দাখিল কৰে। উল্লেখযোগ্য যে
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জনমুখী চিন্তা আৰু কৰ্মৰাজিক ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় প্রেক্ষাপটত বিভিন্ন কর্মসূচী ৰূপায়ন’ -কৰা লগতে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ নিউজ চেনেল ” অসম কণ্ঠ”ক জনসাধাৰণৰ মাজত শক্তিশালীৰূপত প্ৰতিষ্ঠা কৰা ওপৰিও প্রতিখন জিলা শাখাত সংবাদ কর্মী সৃষ্টি কৰাৰ লক্ষ্যৰে সাংবাদিকৰ কৰ্মশালা আৰু সাংবাদিক সম্মিলন আয়োজন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে ,জনজাতীয় এলেকাত গুৰুধৰ্ম প্ৰচাৰ-প্ৰসাৰৰ বাবে প্ৰচাৰমূলক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰাকে ধৰি ১৬ দফীয়া কাৰ্যসূচী সভাত সম্পাদকে দাখিল কৰে।
-সন্মিলনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক তোষেশ্বৰ বৰা,-প্ৰচাৰক বদন বড়া, দেৱকুমাৰ গগৈ, প্ৰাক্তন সভাপতি টংকেশ্বৰ বঢ়াগোহাইকে ধৰি মূলৰ সদস্য সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *