ফেব্ৰুৱাৰীৰ পৰা ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ নেতিবাচক প্ৰভাৱ সমগ্ৰ বিশ্বৰ ওপৰতে পৰিছে। ইন্ধনৰ পৰা আৰম্ভ কৰি এলপিজি চিলিণ্ডাৰলৈকে সকলোৰে দাম বৃদ্ধি পাইছে বহু কেইখন দেশত।

পুনৰ বন্ধ হ’ব হৰমুজ প্ৰণালী। আমেৰিকা-ইৰাণৰ মাজত পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে সংঘাতে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সতৰ্কবাণী ইৰাণক। আকৌ ইন্ধন, গেছৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে। সকলো সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজৰ্ষি চহৰীয়াৰ এক প্ৰতিবেদন।

ফেব্ৰুৱাৰীৰ পৰা ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ নেতিবাচক প্ৰভাৱ সমগ্ৰ বিশ্বৰ ওপৰতে পৰিছে। ইন্ধনৰ পৰা আৰম্ভ কৰি এলপিজি চিলিণ্ডাৰলৈকে সকলোৰে দাম বৃদ্ধি পাইছে বহু কেইখন দেশত। এই মূল্যবৃদ্ধিৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে আন ৰাষ্ট্ৰৰ লগতে ভাৰতৰ নাগৰিকেও। 

আমেৰিকা আৰু ইৰাণৰ মাজত শেহতীয়াকৈ যুদ্ধবিৰতিৰ আশা কৰা হৈছিল। যাৰ বাবে লাহে লাহে হ’লেও ষ্ট্ৰেইট অৱ হৰমুজেৰে পুনৰ ইন্ধন-গেছ ভৰ্তি জাহাজসমূহ পাৰ হৈ যাবলৈ আৰম্ভ কৰে আৰু দেশসমূহত প্ৰয়োজন হোৱা পেট্ৰ’ল-ডিজেল, এলপিজি গেছ যোগান ধৰা পৰিলক্ষিত হয়। 

আজি নিশা অত্যন্ত ভয়ংকৰ হ’বঃ ডোনাল্ড ট্ৰাম্প

কিন্তু শান্তিৰ আশাৰ মাজতে আমেৰিকা আৰু ইৰাণৰ মাজৰ সংঘাত পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰ ইৰাণত আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কঠোৰভাৱে সতৰ্ক কৰি দিছে ইৰাণক।

ৰাষ্ট্ৰপতি ট্ৰাম্পে এই সতৰ্কবাণী জাৰি কৰি কয় যে- ইৰাণৰ বাবে “আজিৰ নিশা অত্যন্ত ভয়ংকৰ হ’ব”। তেওঁ দাবী কৰে যে ইৰাণে এই নিশা ভয়াৱহ ক্ষতিৰ সন্মুখীন হ’ব।

সামাজিক মাধ্যম ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ডোনাল্ড ট্ৰাম্পে লিখিছে- “আমেৰিকাই আজি নিশা ইৰাণৰ ওপৰত ব্যাপক আক্ৰমণ চলাব।” তেওঁ লগতে দাবী কৰে যে- ইৰাণৰ নৌ-সেনা, বায়ুসেনা, ৰাডাৰ, বিমান আৰু অন্যান্য প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰি দিয়া হৈছে।

নিজৰ পোষ্টত ট্ৰাম্পে আগন্তুক পৰিকল্পনাৰ কথাও উল্লেখ কৰে। তেওঁ লিখিছে, “অতি শীঘ্ৰে আমি খাৰ্গ দ্বীপ আৰু তেল-সম্পৰ্কীয় আন আন্তঃগাঁথনিৰ নিয়ন্ত্ৰণ হাতত লম আৰু তেল-গেছৰ বজাৰখনৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ স্থাপন কৰিম। ঠিক যেনেকৈ আমি ভেনেজুৱেলাৰ ক্ষেত্ৰত কৰিছিলোঁ।”

আমেৰিকা-ইৰাণৰ মাজত পুনৰ বৃদ্ধি উত্তেজনাঃ

চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছৰে পৰা মধ্যপ্ৰাচ্যত উত্তেজনা অব্যাহত আছে। কেইদিনমান আগলৈকে আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতিৰ সম্ভাৱনা দেখা গৈছিল। লগতে ট্ৰাম্পেও বাৰে বাৰে দাবী কৰিছিল যে- ইৰাণৰ সৈতে আলোচনা প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে।

কিন্তু শেহতীয়া কেইদিনত দুয়োখন দেশৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। বৃহস্পতিবাৰে পুৱাই আমেৰিকাই ইৰাণৰ ওপৰত আকাশী আক্ৰমণ চলায়। ইয়াৰ প্ৰতিক্ৰিয়াত ইৰাণে বাহৰেইন, কুৱেইট আৰু জৰ্ডানক লক্ষ্য কৰি আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে।

ইৰাণৰ বিভিন্ন চহৰত সংঘটিত এই আক্ৰমণৰ মাজতে যুদ্ধ সমাপ্ত কৰাৰ উদ্দেশ্যে চলি থকা আলোচনাৰ প্ৰচেষ্টাও পুনৰ স্থবিৰ হৈ পৰাৰ লক্ষণ দেখা গৈছে। ইৰাণে স্পষ্টকৈ জনাইছে যে- তেওঁলোকে ষ্ট্ৰেইট অৱ হৰমুজ ওপৰত নিজৰ নিয়ন্ত্ৰণ বাহাল ৰাখিব। ইয়াৰ ফলত বৈশ্বিক শক্তি যোগান ব্যৱস্থা বিঘ্নিত হৈছে আৰু ইন্ধনৰ মূল্য বৃদ্ধি পাইছে।

ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰাৰ ঘোষণাঃ

আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণেও প্ৰত্যাক্ৰমণ চলাইছে। ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইছলামিক ৰিপাব্লিক নিউজ এজেন্সী চমুকৈ IRNAৰ প্ৰতিবেদন অনুসৰি, শেহতীয়া আক্ৰমণৰ প্ৰতিক্ৰিয়াত আমেৰিকাৰ F-35, F-15 আৰু F-16 যুঁজাৰু বিমান মোতায়েন কৰা ঘাঁটিসমূহক লক্ষ্য কৰি আক্ৰমণ চলোৱা হৈছে। সংস্থাটোৰ মতে, ১২টা বেলিষ্টিক ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি এই আক্ৰমণ সংঘটিত কৰা হয়।

IRNAৰ মতে, ইৰাণৰ খাতাম আল-আনবিয়া কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ে জনাইছে যে- অঞ্চলটোত সৃষ্টি হোৱা অসুৰক্ষিত পৰিস্থিতিৰ বাবে হৰমুজ প্ৰণালী তেলবাহী টেংকাৰ আৰু বাণিজ্যিক জাহাজকে ধৰি সকলো ধৰণৰ জাহাজ চলাচল বন্ধ ঘোষণা কৰা হৈছে। ইৰাণী কমাণ্ডে আমেৰিকাৰ সেই দাবীকো নাকচ কৰে- য’ত কোৱা হৈছিল যে জাহাজসমূহ এতিয়াও সমুদ্ৰপথে স্বাভাৱিকভাৱে চলাচল কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed