শুকুৰবাৰে অনুষ্ঠিত হ’ল অসম চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
শুকুৰবাৰে অনুষ্ঠিত হ’ল অসম চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সংবাদমেল সম্বোধন কৰি মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘মন্ত্ৰীৰ দপ্তৰ বিতৰণ পৰ্যালোচনা অনুসৰি হ’ব। কাইলৈৰ ভিতৰত অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হ’ব। জিলাভিত্তিত থাকিব অভিভাৱক মন্ত্ৰী। মন্ত্ৰীৰ দপ্তৰ দক্ষতাৰ ভিত্তিত দিয়া হ’ব।’’
আজিৰ কেবিনেট বৈঠকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে কঢ়িয়াইছে আশাৰ বতৰা। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে ডাঙৰ ঘোষণা। অসম চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ (DA) ২% বৃদ্ধিত অনুমোদন জনাই অসম কেবিনেটে। এতিয়াৰেপৰা ৬০% মৰগীয়া বানচ লাভ কৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে।
৬ জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ’ব বুলি সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পূৰ্ণাংগ বাজেট অধিৱেশনখন ২১ দিনীয়াকৈ অনুষ্ঠিত হ’ব। সংবাদমেলত ৰাজ্যৰ হিতাধিকাৰীসকলৰ বাবেও ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ১ আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা ৰাইজে লাভ কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘দ্বিতীয় ৰাজধানী ডিব্ৰুগড় অঞ্চলৰ অধ্যক্ষ হ’ব প্ৰশান্ত ফুকন। গঠন কৰা হ’ব ডিব্ৰুগড় দ্বিতীয় ৰাজধানী উন্নয়ন পৰিষদ। ডিব্ৰুগড়ৰ স্থানীয় বিধায়কজন পৰিষদৰ দায়িত্বত থাকিব। উন্নয়নৰ বাবে ৫০০ কোটি টকা ব্যয় কৰিব চৰকাৰে। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী চহৰ হিচাপে ২০ কিলোমিটাৰ ব্যাসাৰ্ধলৈকে ধৰা হ’ব। স্থানীয় দায়িত্বপ্ৰাপ্ত বিধায়ক প্ৰশান্ত ফুকনে লাভ কৰিব কেবিনেট মৰ্যাদা।’’
সমষ্টি উন্নয়ন পুঁজি বৃদ্ধিত ৰাজ্যিক কেবিনেটে জনালে অনুমোদন। বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰ পূৰ্বৰ ১ কোটি টকাৰ পৰা ডেৰ কোটিলৈ বৃদ্ধি কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। অহা বছৰ এপ্ৰিলৰ পাছত প্ৰতিটো সমষ্টিৰ উন্নয়নৰ বাবে ২ কোটি টকা পুঁজি আবণ্টন দিয়া হ’ব। ২ কোটি টকাৰ ভিতৰত ১০% ধন অন্যান্য ব্যয়ৰ বাবে ধৰা হ’ব। অৰ্থাৎ ১ কোটি ৮০ লাখ টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ’ব আৰু ২০ লাখ টকা অন্যান্য ব্যয়ত খৰচ কৰিব পাৰিব। বিদ্যালয়ৰ ফেন বা শিক্ষাৰ্থীক সহায়ৰ বাবে ১০% ধন ব্যয় কৰাৰ ব্যৱস্থা ৰখা হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘‘বিদ্যালয়সমূহত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তৃতীয় বৰ্গৰ পদলৈ পদোন্নতি লাভ কৰাৰ ক্ষেত্ৰত কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তৃতীয় বৰ্গলৈ পদোন্নতি পাব।’’
