স্বাস্থ্য কেন্দ্ৰটোক কেন্দ্ৰ কৰি উত্থাপিত হৈছে একাধিক গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ।

 ডিব্ৰুগড় চহৰৰ উপকণ্ঠস্থিত বৰবৰুৱা অঞ্চলৰ এখন গুৰুত্বপূর্ণ স্বাস্থ্য আৰু চিকিৎসা প্ৰতিষ্ঠান হৈছে বৰবৰুৱা মহকুমা স্বাস্থ্য আৰু চিকিৎসা কেন্দ্ৰ। কিন্তু এই স্বাস্থ্য কেন্দ্ৰটোক কেন্দ্ৰ কৰি উত্থাপিত হৈছে একাধিক গুৰুতৰ অভিযোগ। বিশেষকৈ স্বাস্থ্য কেন্দ্ৰটোৰ নামত থকা মাটি বছৰ বছৰ ধৰি বেদখল হৈ থকাৰ ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
  উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰলৈ চৰকাৰৰ পৰা উন্নয়নমূলক কামৰ বাবে বিপুল পৰিমাণৰ পুঁজি আবণ্টন হৈ আহিছে। কিন্তু বৰবৰুৱা স্বাস্থ্য কেন্দ্ৰৰ ক্ষেত্ৰত সেই পুঁজিৰ সদ্ব্যৱহাৰ কিমান হৈছে, সেয়া এতিয়া সন্দেহৰ বিষয় হৈ পৰিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, স্বাস্থ্য কেন্দ্ৰটোৰ নিজা মাটি সঠিকভাৱে সংৰক্ষণ আৰু ব্যৱহাৰ নকৰাৰ ফলতেই একাংশ লোকে দীৰ্ঘদিন ধৰি অবৈধভাৱে বেদখল কৰি আহিছে।

আনহাতে, স্বাস্থ্য কেন্দ্ৰটোত এগৰাকী স্থায়ী মহকুমা স্বাস্থ্য বিষয়া নিয়োজিত হৈ থকা সত্ত্বেও বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত কোনো দৃশ্যমান পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে।

অভিযোগ অনুসৰি, বেদখলকাৰীয়ে কেৱল মাটি দখল কৰিয়েই ক্ষান্ত থকা নাই, বৰং নিজৰ প্ৰস্ৰাৱাগাৰ-শৌচাগাৰৰ আৱৰ্জনা তথা প্ৰদূষিত লেতেৰা পানী স্বাস্থ্য কেন্দ্ৰটোৰ চৌহদলৈ নিষ্কাশন কৰি আহিছে। ফলত স্বাস্থ্য কেন্দ্ৰটোৰ পৰিৱেশ অস্বাস্থ্যকৰ হৈ পৰাৰ আশংকা বৃদ্ধি পাইছে।
ইফালে, স্বাস্থ্য কেন্দ্ৰটোৰ নিজা মাটিত দুই-তিনিমহলীয়া অট্টালিকা নিৰ্মাণ কৰি সেই স্থানত আৱৰ্জনা পেলাই অহা কাৰ্যৰ বিৰুদ্ধে স্বাস্থ্য বিভাগৰ কোনো ধৰণৰ প্ৰতিবাদ নোহোৱাতো বিভিন্ন মহলত প্ৰশ্নৰ সৃষ্টি কৰিছে। স্থানীয় একাংশ সচেতন লোকে অভিযোগ উত্থাপন কৰি কয় যে মহকুমা স্বাস্থ্য বিষয়াই এই বিষয়ত নীৰৱ ভূমিকা গ্ৰহণ কৰি পৰোক্ষভাৱে বেদখলকাৰীক সমৰ্থন জনাই আহিছে।
এই ঘটনাক লৈ ক্ষুব্ধ স্থানীয় একাংশ লোকে ডিব্ৰুগড় জিলাৰ আয়ুক্তৰ ওচৰত ফটোসহ এখন লিখিত অভিযোগ-পত্ৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। ৰাইজে শীঘ্ৰে বিষয়টোত তদন্ত কৰি স্বাস্থ্য কেন্দ্ৰটোৰ বেদখলমুক্তকৰণৰ লগতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *