শিৱসাগৰ: এটা সময়ত যিখন গাঁও আছিল জনপ্ৰিয়তাৰ যাত্ৰাৰ সাক্ষী, ২২ বছৰৰ পিছত সেইখন গাঁৱতেই আকৌ ভৰি দিলে অভিনেত্ৰী গায়ত্ৰী মহন্তই। শিৱসাগৰৰ দৰিকাপাৰ হাতীমূৰীয়া গাঁৱত উপস্থিত হৈ অতীতৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰে ‘জোনবাই’ৰ জনপ্ৰিয় জোনালী।২০০৪ চন। শিৱসাগৰৰ নিমাইজান, দৰিকাপাৰ হাতীমূৰীয়া, ৰঘুগুৰি আদি অঞ্চলত চলিছিল ‘জোনবাই’ৰ চিত্ৰগ্ৰহণ। সেই সময়ত প্ৰতিমা গগৈৰ ঘৰখনতো হৈছিল ছবিখনৰ দৃশ্যগ্ৰহণ। এই গাঁওখনতেই জোনালী চৰিত্ৰত অভিনয় কৰি অসমীয়া দৰ্শকৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল গায়ত্ৰী মহন্তই।
২০০৫ চনত মুক্তি লাভ কৰা ‘জোনবাই’ৰ প্ৰথমটো খণ্ডই লাভ কৰিছিল অভূতপূৰ্ব জনপ্ৰিয়তা। সেই সফলতাৰ সৈতে গায়ত্ৰী মহন্তৰ অভিনয় জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় জড়িত হৈ আছে।
কিন্তু সময়ৰ সোঁতত সলনি হ’ল বহু কথাই। দীঘলীয়া সময় ধৰি গাঁওখনৰ সৈতে নাছিল অভিনেত্ৰীগৰাকীৰ যোগাযোগ। শেহতীয়াকৈ দিখৌ-দৰিকাৰ ভয়ংকৰ বানত অঞ্চলটো ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ লাভ কৰি পুনৰ আপোন ঠাইখনলৈ আহিবলৈ মন বান্ধে গায়ত্ৰী মহন্তই।
সোমবাৰে গুৱাহাটীৰ পৰা দৰিকাপাৰ হাতীমূৰীয়া গাঁৱত উপস্থিত হয় অভিনেত্ৰীগৰাকী। বানৰ বোকা গচকি ‘জোনবাই’ৰ শ্বুটিং হোৱা ঘৰখনত উপস্থিত হৈ পুৰণি স্মৃতিৰ মাজত হেৰাই যায় তেওঁ। ঘৰখনৰ মূৰব্বী প্ৰতিমা গগৈক সাবটি ধৰি আৱেগিক হৈ পৰে গায়ত্ৰী মহন্ত।
অভিনেত্ৰীগৰাকীয়ে কয়, “বহু কথাই মনলৈ আহিছে। কেইবাবাৰো আহিম আহিমকৈ চেষ্টা কৰি আহিব পৰা নাছিলো। কিন্তু আজি আহিলোঁ। এই বিপদৰ সময়ত মাত এষাৰ দিবলৈ আহিছোঁ। যিমানখিনি পাৰোঁ সাধ্যানুসাৰে সহায় কৰিম ঘৰখনৰ কাৰণে, অঞ্চলটোৰ কাৰণে।”
বানত ‘জোনবাই’ৰ শ্বুটিং হোৱা ঘৰখনৰ লগতে অঞ্চলটোৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰ আৰু দলঙো ক্ষতিগ্ৰস্ত হৈছে। সেই ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে গাঁওবাসীৰ কাষত থিয় দিয়াৰ আশ্বাস দিয়ে অভিনেত্ৰীগৰাকীয়ে।
ইফালে, গায়ত্ৰী মহন্ত গাঁওখনলৈ অহাৰ খবৰ পাই বহু লোক মথাউৰিত সমবেত হয়। বহু বছৰৰ পিছত পৰ্দাৰ ‘জোনালী’ক সন্মুখত পাই আবেগিক হৈ পৰে গাঁওবাসীও। দুখৰ মাজতো আপোন মানুহক পুনৰ কাষত পোৱাৰ আনন্দই এক অন্য পৰিৱেশৰ সৃষ্টি কৰে।
আনহাতে, দৰিকাপাৰ মথাউৰিটো শিল দি অথবা পকীকৰণ কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় অঞ্চলবাসীয়ে। গায়ত্ৰী মহন্তৰ স্বামী পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্বত থকাৰ বাবে তেওঁৰ জৰিয়তে সমস্যাটো চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনায় ৰাইজে।
এসময়ৰ শ্বুটিংস্থলীলৈ উভতি আহি গায়ত্ৰী মহন্তই যেন পুনৰ বিচাৰি পালে নিজৰ পুৰণি দিনবোৰ। স্মৃতিৰ সৈতে বানপীড়িত ৰাইজৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি দি পুৰণি আপোনজনৰ পৰা বিদায় ল’লে ‘জোনবাই’ৰ সেই জোনালী।
