ডিব্ৰুগড়, ১৭ আগষ্ট: আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল উজনি অসমৰ ডিব্ৰুগড় জিলাৰ প্ৰথমটো ৱেব পৰ্টেল চেনেল ‘Republic Assam’-ৰ নতুন কাৰ্যালয়। ডিব্ৰুগড়ৰ কোটোহাস্থিত SBI বেংকৰ গ্ৰাউণ্ড ফ্ল’ৰত অনুষ্ঠিত হয় এই শুভ উদ্বোধনী অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী চক্ৰধৰ গগৈ। লগতে উপস্থিত থাকে Republic Assam-ৰ পৰিচালন সঞ্চালীকা প্ৰহেলিকা শৰ্মা গগৈ। অনুষ্ঠানত আগশাৰীৰ সাংবাদিকৰ লগতে বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে।
শুভ উদ্বোধনী অনুষ্ঠানত সংবাদ মাধ্যমৰ ভূমিকা আৰু জনসাধাৰণৰ কাষত থাকি নিৰপেক্ষ, বস্তুনিষ্ঠ আৰু বিশ্বাসযোগ্য সংবাদ পৰিৱেশনৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰা হয়।
নতুন এই যাত্ৰাত জনসাধাৰণৰ কণ্ঠস্বৰ হিচাপে কাম কৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ খবৰ দ্ৰুত, নিৰপেক্ষ আৰু বিশ্বাসযোগ্যভাৱে ৰাইজৰ মাজলৈ লৈ যোৱাৰ সংকল্পৰে আগবাঢ়িছে Republic Assam।
বিশিষ্ট অতিথি, জ্যেষ্ঠ সাংবাদিক আৰু বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ উপস্থিতিয়ে Republic Assam-ৰ এই শুভাৰম্ভণি অনুষ্ঠানক অধিক গাম্ভীৰ্যপূৰ্ণ কৰি তোলে।
