বানাক্ৰান্ত ৰাইজৰ সমস্যা সমাধানত গুৰুত্ব

Republic Assam, নাজিৰা, ২০ আগষ্ট: নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰমে নাজিৰাৰ নেপালী খুঁটি অঞ্চল পৰিদৰ্শন কৰি বানপানীৰ পিছত চলি থকা পুনৰুদ্ধাৰ আৰু সাহায্য অভিযানৰ বুজ লয়।

পৰিদৰ্শনকালত সমজিলা আয়ুক্তগৰাকীয়ে অঞ্চলটোৰ জনস্বাস্থ্য আৰু স্বাভাৱিক পৰিৱেশ পুনৰুদ্ধাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহ পৰ্যবেক্ষণ কৰে। বিশেষকৈ নেপালী খুঁটি অঞ্চলত নতুনকৈ স্থাপন কৰা আল্ট্ৰাফিল্টাৰেচন ৱাটাৰ ট্ৰিটমেণ্ট ইউনিট পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজে নিয়মিতভাৱে বিশুদ্ধ খোৱাপানী লাভ কৰিছে নে নাই, সেই বিষয়ে বুজ লয়।

ইয়াৰ উপৰি বানপীড়িত অঞ্চলসমূহত অনাময় ব্যৱস্থা সুচাৰুৰূপে বজাই ৰাখিবলৈ স্থাপন কৰা ভাসমান শৌচাগাৰসমূহৰ ব্যৱস্থা আৰু ৰক্ষণাবেক্ষণৰো বুজ লয়। অঞ্চলটোত পানী জমা হোৱা, নদীৰ পাৰৰ খহনীয়া, আৱৰ্জনা আৰু ধ্বংসাৱশেষ নিষ্কাশন তথা গধুৰ পলিমাটি আঁতৰোৱাৰ কামো পৰিদৰ্শন কৰে।

বানপানীৰ ফলত সৃষ্টি হোৱা সম্ভাব্য গাঁথনিগত বিপদ ৰোধ আৰু জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰত প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰো বুজ লয় সমজিলা আয়ুক্তগৰাকীয়ে।

পৰিদৰ্শনকালত বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগ আৰু বিভিন্ন সমস্যাৰ বিষয়ে অৱগত হয়। বানপীড়িত লোকসকলৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰাৰ লগতে প্ৰয়োজনীয় সাহায্য আৰু নাগৰিক সেৱা অব্যাহত ৰখাত প্ৰশাসনে গুৰুত্ব আৰোপ কৰিছে।

প্ৰতিবেদক : ৰেখামণি মহন্ত, নাজিৰা

Leave a Reply

Your email address will not be published. Required fields are marked *